দেশৰ জীৱৰ কিমানপ্ৰজাতি বিপদাপন্ন জানেনে?

0
428


শেহতীয়াভাৱে আই ইউ চি এনৰ এক প্ৰতিবেদনত এক ভয়াৱহ তথ্য প্ৰকাশ পাইছে৷ ভাৰতবৰ্ষত বৰ্তমান ৭৩টা প্ৰজাতিৰ জীৱ অতি বিপদাপন্ন হিচাপে দেখা দিছে৷ যিকোনো সময়তে এই বিপদাপন্ন প্ৰজাতিবোৰ বিলুপ্তি পাব পাৰে৷ আই ইউ চি এনৰ এই তথ্যৰ উদ্ধৃতি দি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই এই কথা জানিবলৈ দিয়ে৷ উল্লেখ্য যে ২০১১ চনত দেশত ৪৭ টা প্ৰজাতিৰ জীৱ অতি বিপদাপন্ন আছিল যদিও বৰ্তমান এই সংখ্যা ৭৩ টা প্ৰজাতিৰ প্ৰাণীলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ৯টা স্তন্যপায়ী, ১৮টা পক্ষী, ৪টা সৰীসৃপ আৰু ২০টা উভচৰ প্ৰাণী আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here