দেশত এইবাৰ Tomato Flu-ৰ আতংক

0
323

কেৰালাত খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা মাৰ নৌযাওঁতেই ৰাজ্যখনত এক নতুন ভাইৰাছৰ সংক্ৰমণ হৈছে৷ এই নতুন ভাইৰাছটোৰ নাম হৈছে Tomato Flu৷ ৰাজ্যখনত বিভিন্ন অংশলৈ এই ফ্লু তীব্ৰগতিত বিস্তাৰিত হৈছে৷
এইপৰ্যন্ত মুঠ ৮০টি শিশুৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হোৱাৰ বাতৰি পোৱা গৈছে৷ এই সংখ্যা ক্ৰমাৎ বঢ়াৰ সম্ভাৱনা যথেষ্ট আছে৷ ইতিমধ্যে কেৰালা আৰু তামিলনাডু সীমান্তৱৰ্তী ভালায়াৰ অঞ্চলত এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ 
প্ৰশাসনৰ ফালত পৰা উক্ত অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু জ্বৰ বা তেনেজাতীয় ৰোগত আক্ৰান্ত হ’লে এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ কোনেও যাতে পাৰ হ’ব নোৱাৰে, সেই বিষয়ত নজৰ দিয়া হৈছে৷ 
চিকিৎসক মতে Tomato Flu হৈছে এবিধ ভাইৰাছজনিত ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে শিশুৰ শৰীৰত ৰঙা ৰঙৰ গুটি কিছুমান উঠে আৰু প্ৰচণ্ড জ্বৰত আক্ৰান্ত হয়৷ হাত-ভৰিত ৰঙা ৰঙৰ দাগ উঠে, গাৰ অত্যন্ত বিষ অনুভৱ হয়, দেহ অৱশ হৈ পৰে, বমি, পেটৰ বিষ, ডিহাইড্ৰেশ্যন আদি বিভিন্ন লক্ষণে দেখা দিয়ে৷ 
দেহত ৰঙা ৰঙৰ গুটি উঠে বাবে ইয়াক Tomato Flu বোলে৷ চিকিসকৰ  মতে এই বেমাৰত আক্ৰান্তসকলে আন লোকৰ সংস্পৰ্শৰ পৰা আঁতৰি অকলশৰীয়াকৈ থাকিব লাগে৷ ৰোগ দেখাৰ দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰ চপাটো অত্যন্ত জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here