দেশত আফ্ৰিকান ছোৱাইন ফিভাৰ, Bird Flu-ৰ প্ৰাদুৰ্ভাৱ, অসমলৈ মাংস আমদানিত নিষেধাজ্ঞা

0
245


দেশত পক্ষী জ্বৰ বা Bird Fluৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ এই পক্ষী জ্বৰ সংক্ৰমণ হোৱাৰ বাবে চৰকাৰ বিভাগীয় বিভাগসমূহ লগতে ব্যৱসায়ীসকলেও এতিয়া চিন্তিত হৈছে৷ দেশৰ কেইবাখনো ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰ, আৰু Bird Flu বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বাহিৰৰ পৰা অহা মুৰ্গী আৰু গাহৰিৰ প্ৰৱেশ বাধা আৰোপ কৰা হৈছে৷ ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাই এই কথা সদৰী কৰে৷ মন্ত্ৰী বৰাই কয় যে পঞ্জাব, হাৰিয়ানা আদি ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ একেদৰে বিহাৰ, ঝাৰখণ্ড আদিতো মুৰ্গী পক্ষী জ্বৰত আক্ৰান্ত হৈছে৷ সেয়েহে বহিঃৰাজ্যৰ পৰা যাতে এই ৰোগত সংক্ৰমণ হ’ব নোৱাৰে, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাহিৰৰ পৰা ব্ৰইলাৰ,গাহৰি আদিৰ আমদানিত বাধা নিষেধ আৰোপ কৰা হৈছে বুলি তেওঁ সদৰী কৰে৷ এই সিদ্ধান্ত তৎকালে বলৱৎ কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও মুৰ্গী আৰু গাহৰিৰ সম্পূৰ্ণ প্ৰৱেশ বন্ধ কৰাত কিছুসময় লাগিব বুলিও তেওঁ উল্লেখ কৰে৷ মন্ত্ৰীজনে কয় যে ৰাজ্যৰ ভিতৰত ইখন জিলাৰ পৰা সিখন জিলালৈ ব্ৰইলাৰ আৰু গাহৰিৰ সৰবৰাহ অটুট থাকিব৷ আনহাতে বহিঃৰাজ্যৰ পৰা সৰবৰাহ বন্ধ ৰখাৰ বাবে মাংসৰ দাম যাতে অধিক বৃদ্ধি নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here