দেখিবলৈ সৰু হ’লেও লঙৰ আছে আচৰিত গুণ

0
326

লং হৈছে প্ৰায়ে পাকঘৰত ব্যৱহূত এইবিধ মছলা৷ যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে বিভিন্ন বেমাৰতো উপাচাৰী হিচাপে কাম কৰে৷ প্ৰাচীন যুগৰে পৰা আয়ুৰ্বেদ শাস্ত্ৰত লঙক বিভিন্ন চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে৷ বিশেষকৈ, গৰম পানীৰ লগত লঙৰ সেৱনে বিভিন্ন শাৰীৰিক সমস্যা নিৰাময়ত সহায় কৰে৷ লং প্ৰায়ভাগ লোকেই খাবলৈ আওকাণ কৰে যদিও ইয়াৰ আচৰিত গুণৰ বিষয়ে জানিলে আপুনিও খাবলৈ আৰম্ভ কৰিব৷ জানো আহক লং খালে আমাৰ কিধৰণৰ উপকাৰ হয়৷
ৰাতি শোৱাৰ আগতে দুটা লং চোবাই এগিলাচ গৰম পানী খালে শৰীৰৰ যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
ৰাতি লং সেৱন কৰিলে বিভিন্ন পেটৰ সমস্যা যেনে– ডায়েৰিয়া, এচিডিটি, কোষ্ঠকাঠিন্যৰ পৰা ৰেহাই পোৱাৰ লগতে হজম প্ৰক্ৰিয়াও উন্নত কৰে৷
হাত-ভৰিৰ কঁপনি উঠা সমস্যা থাকিলে ৰাতি শোৱাৰ আগত অলপ কুহুমীয়া পানীৰ লগত কেইটামান লং একেৰাহে খালে সুফল পোৱা যায়৷
গৰম পানীৰ সৈতে লং সেৱন কৰিলে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
লঙত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল উপাদান পোৱা যায়৷ ইয়াত থকা ছেলিচাইলেটে শালমইনা হোৱাত বাধা দিয়ে৷
লং সেৱনে কফ, ব্ৰংকাইটিছ, এজমা আদি ভাল কৰাৰ লগতে ইমিউনিটি বৃদ্ধিতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here