দৃষ্টিশক্তি ভালে ৰাখিবলৈ কোনকেইবিধ পানীয় উপকাৰী?

0
1478

চকু ভালে ৰাখিবলৈ আমি বিভিন্ন উপায় অৱলম্বন কৰাৰ লগতে খোৱাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰোঁ৷ একেদৰে চকুযুৰি ভালে ৰাখিবলৈ কিছুমান পানীয় অতি আৱশ্যক, যি সেৱন কৰিলে চকুৰ দৃষ্টিশক্তি উন্নত হোৱাৰ লগতে চকুৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ জানো আহক কি কি পানীয়ই চকুযুৰি ভালে ৰাখে৷
এলোভেৰা জেলত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, ভিটামিন-ই আদিৰে ভৰপূৰ৷ ইয়াৰ বাহিৰেও এলোভেৰা জেল জিংক, ছেলেনিয়াম, মেগনেচিয়াম আদি খনিজ পদাৰ্থৰ ভাল উৎস৷ এইসমূহ উপাদান চকুৰ দৃষ্টিশক্তিৰ বাবে যথেষ্ট উপকাৰী৷
ভিটামিন-চিৰে সমৃদ্ধ কমলাৰ ৰস চকুৰ পক্ষে ভাল৷ কমলাৰ ৰস সেৱন কৰিলে চকুৰ ছানি পৰা ৰোগৰ আশংকা নাথাকে৷ তদুপৰি কমলাৰ ৰসে চকুৰ ৰক্তবাহিকাবোৰ মজবুত কৰে৷ কমলাৰ ৰসত ফলেট পোৱা যায়, যিয়ে গৰ্ভস্থ সন্তানৰ ভ্ৰূণৰ দৃষ্টি বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷
নাৰিকলৰ ডাবৰ পানীত প্ৰচুৰ মাত্ৰাত ভিটামিন, খনিজ, এমাইন’ এচিড আৰু ইলেক্ট্ৰলাইট থাকে৷ চকুৰ ছানি পৰা, গ্লুক’মা তথা চকুৰ আন সমস্যা সমাধানৰ বাবে নিয়মিতৰূপে ডাবৰ পানী সেৱন কৰিব লাগে৷
গাজৰ বা বীটত কেৰোটিন পোৱা যায়৷ চকুৰ স্বাস্থ্যৰ বাবে এই কেৰোটিন অতি লাগতিয়াল৷ আনহাতে বীটত লিউছিন আৰু জেক্সেন্থিন থাকে, যিয়ে চকুৰ ৰেটিনা সুস্থ ৰখাত সহায় কৰে৷ দৈনিক এই দুবিধ খাদ্যৰ ৰস সেৱন কৰিলে চকুৰ পক্ষে উপকাৰী৷
আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ আনহাতে আমলখিত লিউছিন আৰু জেক্সেন্থিন থাকে, যি উপাদানে চকুৰ দৃষ্টিশক্তি বঢ়োৱাৰ লগতে চকুযুৰিক নানা বিকাৰৰ পৰা ৰক্ষা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here