দিল্লীত খ্ৰীষ্টমাছ, নৱবৰ্ষত সমাৱেশ নিষিদ্ধ || Christmas, New Year congregations banned in Delhi

0
1378
ৰাষ্ট্ৰীয় ৰাজধানীত কভিড-১৯ৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ ক্ৰমাৎ বাঢ়িছে৷ সেই কাৰণে দিল্লী চৰকাৰে খ্ৰীষ্টমাছ আৰু নতুন বছৰ পালন কৰিবলৈ সকলো সমাৱেশ নিষিদ্ধ কৰে৷ সকলো সাংস্কৃতিক অনুষ্ঠান আৰু আন সমাৱেশো নিষেধ কৰা হৈছে৷ দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই (DDMA) এটা নিৰ্দেশত এই কথা কয়৷ নিৰ্দেশ পালন কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকল আৰু আৰক্ষীক নিৰ্দেশ দিয়া হৈছে৷ আৰু জিলা বিষয়াসকলক দৈনিক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে৷ বজাৰবোৰৰ বাণিজ্য সংস্থাসমূহক মাস্ক অবিহনে গ্ৰাহকসকলক প্ৰৱেশৰ অনুমতি নিদিবলৈও নিৰ্দেশ দিয়া হৈছে৷ উল্লেখ্য যে দিল্লীত এইপৰ্যন্ত ৫৭জন লোকৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হৈছে আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতকৈ দিল্লীতে অ’মিক্ৰনৰ সংক্ৰমণ আটাইতকৈ বেছি হৈছে৷ সমগ্ৰ ভাৰতত এইপৰ্যন্ত ২১৩জন লোকৰ অ’মিক্ৰনৰ সংক্ৰমণ হোৱা ধৰা পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here