দাঁতৰ গুৰিৰ পৰা তেজ ওলালে কি কৰিব ?

0
315

সাধাৰণতে আমাৰ দাঁত ব্ৰাছ কৰিলে বহুতৰে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা দেখা যায়৷ আমি প্ৰায়ে এনে হ’লে হেয় জ্ঞান কৰোঁ৷ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ইয়ে এটা সময়ত আপোনাক বিপদত পেলাব পাৰে৷ দাঁতৰ পৰা তেজ ওলোৱাৰ অন্যতম কাৰণ হ’ল দাঁতৰ ইনফেক্‌শ্যন৷ ইযাৰ উপৰি দাঁত মাচিলে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাটো বিভিন্ন ৰোগৰ লক্ষণো হ’ব পাৰে৷ কি উপায়ে আৰু কি কি খাদ্য খালে আমাৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বন্ধ হ’ব জানো আহক–
যিবিলাকৰ খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন-C পোৱা যায়, সেইবোৰ খাদ্য বেছি পৰিমাণে খাব লাগে৷ নেমু টেঙা, কমলা, মৌচুমী আদি প্ৰচুৰ পৰিমাণে ভিটামিন-C পোৱা যায়৷ দাঁত সুস্থ ৰাখিবলৈ ভিটামিন-Cযুক্ত এইবোৰ খাদ্য যথেষ্ট পৰিমাণে খাব লাগে৷ ইয়াৰ ফলত দাঁতৰ পৰা তেজ ওলোৱা বন্ধ হ’ব৷
প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিনযুক্ত খাদ্য গ্ৰহণ  কৰিব লাগে৷ দাঁতৰ পৰা ওলোৱা তেজ ভিটামিন-A যুক্ত খাদ্যই নিৰ্মূল কৰে৷ সেয়ে ভিটামিন-A যুক্ত খাদ্য যেনে পালেং শাক, গাজৰ আদি যথেষ্ট পৰিমাণে খোৱা দৰকাৰ৷
প্ৰত্যেকদিনে দুগিলাচকৈ গাখীৰ খাব লাগে৷ গাখীৰত থকা কেলচিয়ামে আমাৰ দাঁত শক্তিশালী কৰে আৰু দাঁতৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে৷
দাঁতৰ ৰোগ নিৰাময়ৰ বাবে খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে৷ সেউজীয়া শাক-পাচলিয়ে আমাৰ তেজৰ চলাচল স্বাভাৱিক কৰি ৰাখে৷ ইয়াৰ উপৰি দাঁত দুপাৰি সুস্থ ৰখাতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here