দহ বা ততোধিক সন্তান জন্ম দিয়া মাতৃক আৰ্থিক পুৰস্কাৰৰ ঘোষণা

0
283

বিশ্বৰ এটা অংশৰ জনসংখ্যা বৃদ্ধিয়ে ভয়াৱহ দিশে গতি কৰিছে যদিও আন কিছু ৰাষ্ট্ৰত জনসংখ্যাৰ দ্ৰুত হ্ৰাসে আকৌ চিন্তান্বিত কৰিছে৷ বিশ্বৰে কেইবাখনো দেেশ জনসংখ্যা বৃদ্ধিৰ বাবে ইয়াক ৰোধৰ বাবে বিভিন্ন পন্থা হাতত লোৱা পৰিলক্ষিত হৈছে৷ পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ  এই ভয়াৱহ সমস্যাৰ মাজতে শেহতীয়াভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে দেশখনত জনসংখ্যা বৃদ্ধিৰ হকে এক অভিনৱ আঁচনি হাতত লৈছে৷ বিশ্বৰ শক্তিধৰ দেশখনে ৰাছিয়াত জনসংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত উদ্বিগ্ন হৈ পৰিছে৷ বিগত বছৰবোৰৰ হৈ যোৱা কৰ’না মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত দেশখনৰ জনসংখ্যা বৃদ্ধিৰ প্ৰয়োজনীয়তালৈ লক্ষ্য কৰি এক আঁচনি প্ৰৱৰ্তনৰ চিন্তা-চৰ্চা কৰিছে৷ জনসংখ্যা বৃদ্ধিৰ এই আঁচনিত দহটা বা ততোধিক সন্তান জন্ম দিয়া মাতৃগৰাকীক পুৰস্কৃত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ৰাষ্ট্ৰপতি পুটিনে দহ বা ততোধিক সন্তান জন্ম দিয়া মাতৃগৰাকীক ১০ লাখ ৰুবলেৰে অৰ্থাৎ ভাৰতীয় হিচাপত ১৩.৩৯ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰপতি পুটিনে ‘মাদাৰ হিৰ’ইন’ নামৰ এক আঁচনিৰ জৰিয়তে দেশখনত জনসংখ্যা বৃদ্ধিৰ বাবে চেষ্টা চলাইছিল৷ পুটিনৰ এই আঁচনিৰ জৰিয়তে মহিলাসকলে দহটা সন্তান জন্ম দিয়াই নহয়, জন্ম হোৱাৰ পাছত সন্তানকেইটা যাতে জীৱিত, সুস্থ অৱস্থাত থাকে, তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here