থেলাছেমিয়াত আক্ৰান্ত শিশুলৈ চৰকাৰৰ সহায়ৰ হাত

0
278

আগতীয়া সজাগতা আৰু সময়ত গ্ৰহণ কৰা প্ৰতিকাৰমূলক ব্যৱস্থাই হৈছে যিকোনো ৰোগ প্ৰতিৰোধৰ মূল চাবি-কাঠী৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত থেলাছেমিয়া পৰীক্ষণ শিবিৰৰ কেন্দ্ৰীয় কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এইদৰে কয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই৷ উল্লেখ্য যে থেলাছেমিয়া ৰোগত আক্ৰান্ত চৈধ্য বছৰৰ তলৰ শিশুসকলক সময়মতে আৰু উপযুক্ত চিকিৎসা সেৱা উপলব্ধ কৰোৱাত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যজুৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ উদ্যোগত ৰাজ্যৰ ৮ খন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৰাজ্যৰ ১৪ বছৰ অনূৰ্ধব শিশুসকলৰ বাবে বিশেষ থেলাছেমিয়া পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়৷ 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এই থেলাছেমিয়া পৰীক্ষণ শিবিৰৰ কেন্দ্ৰীয় কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই৷ ৰাজ্যখনত থেলাছেমিয়া ৰোগত আক্ৰান্ত শিশুসকলক চিকিৎসা উপলব্ধ কৰোৱাৰ দিশত পৰিয়ালক সহায়ৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা লৈছে৷ ১৪ বছৰ বয়সসীমাৰ ভিতৰতে এই ৰোগৰ উপযুক্ত চিকিৎসা কৰাব পাৰিলে আক্ৰান্ত শিশুৱে পুনৰ বহুখিনি স্বাভাৱিক জীৱন লাভ কৰাটো সম্ভৱ হ’ব পাৰে৷ এই দিশটো অনুধাৱন কৰি ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হোৱা ১৪ বছৰৰ তলৰ শিশুসকলক চিনাক্ত কৰি সময়মতে চিকিৎসা সেৱা উপলব্ধ কৰাত চৰকাৰে সহায়ৰ হাত আগবঢ়াব বুলি মন্ত্ৰীজনে ঘোষণা কৰে৷ উল্লেখ্য যে বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ১৪ বছৰ তলৰ থেলাছেমিয়াত আক্ৰান্ত শিশুক চিকিৎসাৰ ক্ষেত্ৰত সমৰ্থনৰ আঁচনি এখন যোৱা ১ অক্টোবৰৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here