তেজপুৰৰ সুমিষ্ট লিচু লণ্ডনলৈ

0
297

বিদেশৰ বজাৰত তেজপুৰৰ লিচুৱে সমাদৰ লাভ কৰাৰ সময়তে আনুষ্ঠানিকভাৱে সুদূৰ লণ্ডনলৈ তেজপুৰৰ মঙহাল সুমিষ্ট লিচু ৰপ্তানিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে নিজেও এই লিচু খাই ইয়াৰ সোৱাদ লয়৷ উল্লেখ্য যে ২০১৫ চনতে জি আই টেগ লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ মুম্বায়া, ইলাচী, বাদামী, দেশী, বিলাতী ইত্যাদি বিভিন্ন প্ৰজাতিৰ লিচুৱে ইতিমধ্যে দেশে-বিদেশে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ 
অগ্নিগড় ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে তেজপুৰৰ এই বিখ্যাত লিচুৰ প্ৰথমটো কনচাইনমেণ্ট আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰি লণ্ডনলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে৷ শ্বাহি প্ৰজাতিৰ ৬০০ কেজি আৰু বুম্বায়া প্ৰজাতিৰ ১০০ কেজি, অৰ্থাৎ ২৭০০০টা লিচু প্ৰেৰণ কৰা হয়৷ 
ৰপ্তানিৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে কে আই ই জি এ এগজিম্‌চ নামৰ প্ৰতিষ্ঠানটোৰ লগতে নাবাৰ্ড, এপিডা, এপাৰ্ট, অসম কৃষি বিশ্ববিদ্যালয়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ তেজপুৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম চৰকাৰৰ কৃষি বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসন৷ তেজপুৰৰ পৰোৱা, হাৰিগাঁও, কলিবাৰী, পল্টন পুখুৰীকে ধৰি বিভিন্ন স্থানত ৰঙীন সুমিষ্ট লিচুৰে ভৰি পৰে এই সময়ছোৱাত৷ 
কিন্তু বাণিজ্যিক ব্যৱস্থা আৰু পৰিকল্পিতভাৱে লিচু খেতি কৰাৰ বাবে সহযোগিতাৰ অভাৱৰ বাবেই তেজপুৰৰ লিচুৱে বাণিজ্যিকভাৱে সফল হ’ব পৰা নাছিল যদিও একাংশ খেতিয়কক লৈ গঠন কৰা হৈছে অগ্নিগড় ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী৷ ইফালে মুখ্যমন্ত্ৰীয়ে তেজপুৰৰ লিচুৰ প্ৰসংগত কয় যে এই ফলবিধ সংৰক্ষণৰ প্ৰয়োজন আৰু ইয়াৰ বাবে এটা প্ৰচেছিং ইউনিটৰ দৰকাৰ৷ সেয়েহে লিচু খেতিয়কসকলৰ সহায় হ’ব পৰাকৈ তেজপুৰত এটা বিশেষ প্ৰকল্প স্থাপনৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here