তিনিখন জিলালৈ ১৫খন ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন (15 mobile Covid vaccination vans to 3 districts )

0
1301
ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই উজনি অসমৰ মাজুলী, যোৰহাট আৰু শিৱসাগৰ জিলাৰ বাবে ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহনৰ শুভাৰম্ভ কৰে৷ যোৰহাটৰ আন্তঃৰাজ্যিক বাছ আস্থানত অনুষ্ঠিত সভাত উজনিৰ তিনিওখন জিলাৰ প্ৰত্যেককে পাঁচখনকৈ ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন প্ৰদান কৰে৷ সভাখনত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে যোৰহাটৰ আন্তঃৰাজ্যিক বাছ আস্থানত যাত্ৰীসকলৰ সুবিধাৰ্থে ভেক্‌চিন চেণ্টাৰ আৰম্ভ কৰিছোঁ৷ আন্তঃজিলাৰ যাত্ৰীসকলৰ সুবিধাৰ্থে ইয়াত ভেক্‌চিন প্ৰদান কেন্দ্ৰ আৰু ক’ভিড পৰীক্ষা কেন্দ্ৰ আৰম্ভ কৰা হৈছে৷ ৰাজ্যখনত প্ৰায় দুই কোটি লোকক ভেক্‌চিন দিয়া হৈছে যদিও একাংশই এতিয়াও লোৱা নাই৷ এইসকলক ভেক্‌চিন দিয়াত অসুবিধা হৈছে৷ মানুহৰ চুবুৰিয়ে চুবুৰিয়ে ঘৰৰ দুৱাৰমুখত গৈ ভেক্‌চিন দিবলৈ মুখ্যমন্ত্ৰীয়ে আহবান জনাইছে৷ আমি নিজক সুৰক্ষিত কৰাৰ লগতে সমাজখনক সুৰক্ষিত কৰিব লাগিব৷ প্ৰতিজন ৰাইজক ভেক্‌চিন ল’বলৈ আহ্বান জনায় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷ দুৰ্গা পূজাৰ আগতে ভেক্‌চিনৰ দ্বিতীয় ড’জ ল’ব লাগে আৰু ১০ অক্টোবৰৰ আগতে যাতে প্ৰথম ড’জ সকলোৱে লয় তাৰ ব্যৱস্থা কৰা হৈছে৷ সেয়েহে ১৭ ছেপ্টেম্বৰত ৭ লাখ ভেক্‌চিন দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ সভাখনত উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here