তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

0
263


খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি গুণ৷ তিতা হ’লেও ইয়াৰ উপকাৰিতা আ(ৰ্যকৰ৷ কোৱা হয় যে সোৱাদ তিতা হ’লেও তিতাকেৰেলা স্বাস্থ্যৰ বাবে অমৃতৰ সমান৷ আপুনি যদি প্ৰতিদিনে তিতাকেৰেলা খায়, তেন্তে শৰীৰৰ বিভিন্ন ৰোগ দূৰতে বিদূৰ হ’ব৷ আনহাতে তিতাকেৰেলা ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ৷ ডায়েবেটিছ ৰোগীৰ ঔষধতকৈ তিতাকেৰেলা কোনোগুণে কম নহয়৷ ই শৰীৰত ইনছুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ তিতাকেৰেলাই পেটৰ সংক্ৰান্ত ৰোগ নিৰ্মল কৰিব পাৰে৷ লিভাৰ সুস্থ ৰখা, এজমা ৰোগীৰ বাবে কেৰেলা অত্যন্ত উপকাৰী৷ তিতাকেৰেলা খালে কোষ্ঠকাঠিন্য, বদহজম, এচিডিটিৰ দৰে সমস্যা নোহোৱা হয়৷ কিন্তু এই তিতাকেৰেলা কিছুমান খাদ্যৰ সৈতে খালে বিষতুল্য হৈ উঠে৷ সেয়ে জানো আহক কি কি খাদ্যৰ লগত তিতাকেৰেলা একেবাৰে নাখাব৷
তিতাকেৰেলা আৰু দৈ কেতিয়াও একেলগে নাখাব৷ এই দুবিধ খাদ্য একেলগে খালে শৰীৰত শক্ৰৰ দৰে কাম কৰে৷ এই দুবিধ একেলগে খালে পেটৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ কোষ্ঠকাঠিন্য, পেটৰ বিষ, পেট জ্বলা-পোৰা কৰা, পেট ফুলা আদি নানান সমস্যাই দেখা দিব পাৰে৷ দৈত থকা লেকটিক এচিডে কেৰেলাৰ পুষ্টি উপাদানৰ সৈতে যুক্ত নহয়৷
গ্ৰীষ্মকালত খুব জনপ্ৰিয় ফল আমৰ সৈতে তিতাকেৰেলা খোৱা উচিত নহয়৷ ইয়াৰ ফলত পেট জ্বলা-পোৰা কৰা, বমি বমি ভাব তথা এচিডিটিৰ দৰে সমস্যাই দেখা দি বিপদ ঘটাব পাৰে৷
মূলাৰ সৈতে তিতাকেৰেলা খোৱাটো একেবাৰে অপকাৰী৷ উভয়ৰে ভিন্ন প্ৰভাৱৰ বাবে পেটত পাশ্বৰ্ক্ৰিয়াই দেখা দিব পাৰে৷ আনহাতে আপোনাৰ যদি কাহ. চৰ্দি লাগি থাকে ভুলতো তিতাকেৰেলা মূলাৰ সৈতে নাখাব৷
তিতাকেৰেলা ভেণ্ডিৰ সৈতে খোৱাটো একেবাৰে অনুচিত৷ ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে৷ খাদ্য হজম প্ৰক্ৰিয়াত বাধা দি আপোনাৰ পেটৰ বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে এই দুবিধ একেলগে খোৱাৰ ফলত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here