ডিমেনছিয়া : এক ভয়াৱহ ব্যাধি

0
305

সমগ্ৰ বিশ্বতে ডিমেনছিয়া এক ভয়াৱহ ব্যাধিৰূপে দেখা দিছে৷ বিশ্বখ্যাত বিজ্ঞান বিষয়ক পত্ৰিকা লানছেটত প্ৰকাশিত এক গৱেষণা-পত্ৰ মতে ২০৫০ চনত ভাৰতবৰ্ষত ডিমেনছিয়া ৰোগত প্ৰায় এক কোটি লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে৷ এক তথ্য অনুসৰি ২০১৯ চনত ভাৰতবৰ্ষত ডিমেনছিয়াত আক্ৰান্ত হোৱাৰ সংখ্যা আছিল প্ৰায় ৩৮ লাখ৷ সাধাৰণতে ডিমেনছিয়াত আক্ৰান্ত হ’লে সামগ্ৰিকভাৱে স্মৃতিশক্তি লোপ পোৱা, চিন্তা-ভাবনাত অসুবিধা, সিদ্ধান্ত লোৱাৰ অক্ষমতা আদি একাধিক সমস্যাই দেখা দিব পাৰে৷ সকলোতকৈ বহুল আৰু দুৰাৰোগ্য ডিমেনছিয়াৰ উদাহৰণ হ’ল আলঝেইমাৰ৷ গোটেই বিশ্বতে এই ৰোগৰ প্ৰকোপ বাঢ়িছে৷ এক গৱেষণা মতে, কেইটামান কাৰকে এই ৰোগৰ সম্ভাৱনা বঢ়াব পাৰে৷ যেনে–
ৰোগবিধৰ বিষয়ে জ্ঞান বা শিক্ষাৰ অভাৱ, উচ্চ ৰক্তচাপ, টোপনিৰ সমস্যা, ধূমপান, অচিৰিক্ত মেদবহুলতা, মানসিক অৱসাদ, শাৰীৰিক শ্ৰম নকৰা, মধুমেহ ৰোগত আক্ৰান্ত, সামাজিক বিচ্ছিন্ন, মগজুত আঘাত আদি বিভিন্ন কাৰণত এই ৰোগত আক্ৰান্ত হ’ব পাৰে৷
সাধাৰণতে ৬৫ বছৰৰ বয়সৰ ব্যক্তি এজনৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভানৱা যথেষ্ট বেছি৷ অৰ্থাৎ বৃদ্ধাৱস্থাত এই ৰোগৰ সহজে চিকাৰ হয়৷
বিশেষজ্ঞৰ মতে সুস্থ জীৱন-যাপন আৰু সঠিক খাদ্যাভ্যাসে এই ৰোগৰ বিৰুদ্ধে সকলোতকৈ ডাঙৰ হাথিয়াৰ৷ নিজৰে হ‌ওক অথবা প্ৰিয়জনৰ– কাৰোবাৰ যদি এই ৰোগ হ’য়, নিৰাশ নহৈ তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here