ডায়েবেটিছ ৰোগৰ বাবে নতুন ঔষধ প্ৰস্তুত

0
550

দেশৰ আগশাৰীৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ন’ভো নৰডিস্ক ইণ্ডিয়াই মধুমেহ বা ডায়েবেটিছ ৰোগৰ বাবে এবিধ নতুন ঔষধ প্ৰস্তুত কৰিছে৷ উক্ত ঔষধ কোম্পানীটোৱে বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মুকলি কৰিছে পেণ্টাইড ইন এ পিল অ’ৰেল ছেমাগ্লুটাইড৷ উল্লেখ্য যে ইয়াৰ আগতে এনেধৰণৰ ঔষধ অকল ছিটাৰ জৰিয়তেহে গ্ৰহণ কৰাটো সম্ভৱ হৈছিল৷ ন’ভো নৰডিস্ক ইণ্ডিয়া কোম্পানীয়ে পোন প্ৰথমবাৰলৈ ৰোগীসকলে সেৱন কৰিব পৰাকৈ এই ঔষধ প্ৰস্তুত কৰি উলিয়াইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here