ডাউন টাউন বিশ্ববিদ্যালয়ে কি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে

0
424

গুৱাহাটীৰ পানীখাইতীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে৷  ডাউন টাউন বিশ্ববিদ্যালয়ে কে’ক বনাই লিমকা বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷ ৩ ঘণ্টা ৪২ মিনিট ৪৩ ছেকেণ্ডত প্ৰস্তুত কৰিলে বিভিন্ন প্ৰকাৰৰ  ৫১৭টা কে’ক৷ 
বিশ্ববিদ্যালয়খনৰ প্ৰবক্তা জ্যোতিৰ্ময়ী চৌধুৰী আৰু মৃদুপৱন ৰাভাৰ নেতৃত্বত  ২৫ জনীয়া এটা দলে অংশগ্ৰহণ কৰে এই কৃতিত্ব আৰ্জে৷ ডাউন টাউন বিশ্ববিদ্যালয়ক আতিথ্য আৰু পৰ্যটন ব্যৱস্থাপনা বিভাগৰ প্ৰচেষ্টাত লিমকা বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত  কৰে৷ অসম আৰক্ষীৰ যুটীয়া আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ পৰ্যবেক্ষণত বিশ্ববিদ্যালয়খনে এই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here