টিকাকৰণত ভাৰতৰ অভিলেখ

0
743
 দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২২ জুনৰ পৰা নতুন ভেক্‌চিন নীতিৰ অধীনত টিকাকৰণ অভিযান ক্ষিপ্ৰ কৰা হৈছে৷ এই অভিযানৰ প্ৰথম দিনটোতে অভিলেখৰ সৃষ্টি হয়৷ যোৱা ২১ জুনত ৮২.৭৫ লাখ লোকৰ টিকাকৰণ কৰা হয়৷ চৰকাৰী তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ উল্লেখ্য যে ২২ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক বিনামূলীয়াকৈ ভেক্‌চিনৰ যোগান ধৰিছে৷ নতুন ভেক্‌চিন নীতিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশত উৎপাদন কৰা ৭৫% ভেক্‌চিন ক্ৰয় কৰি ৰাজ্যসমূহক বিনামূলীয়াকৈ যোগান ধৰিছে৷ বাকী ২৫% ভেক্‌চিন বক্তিগত খণ্ডৰ চিকিৎসালয়ক দিয়া হ’ব৷ ইয়াৰ আগলৈকে ২৫% ভেক্‌চিন ৰাজ্যসমূহক ক্ৰয় কৰিবলৈ কোৱা হৈছিল৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে cowin এপৰ জৰিয়তে পোৱা তথ্যৰ ভিত্তিত প্ৰকাশ কৰে যে আজি ৮২.৭০ লাখ লোকক ভেক্‌চিন দিয়া হয়৷ ২২ জুনত মধ্য প্ৰদেশে টিকাকৰণত অভিলেখৰ সৃষ্টি কৰে৷ ৰাজ্যখন ১৬.০১ লাখ লোকৰ টিকাকৰণ কৰা হয়৷ উল্লেখ্য যে ২২ জুনৰ পৰা চৰকাৰী টিকাকৰণ কেন্দ্ৰত ১৮ বছৰৰ ঊধ্বৰ্ৰ সকলোকে বিনামূলীয়াকৈ ভেক্‌চিন দিয়া হৈছে আৰু ইয়াৰ বাবে cowin এপত নাম পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ভেক্‌চিন নীতি কাৰ্যকৰী কৰাৰ দিনাই টিকাকৰণৰ অভিলেখ সৃষ্টি হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here