জ্বৰ হোৱাৰ সময়ত ওঁঠৰ কোণত হোৱা ঘা টুকুৰাৰ যতন কিদৰে ল’ব? How to tend to the Cold sore that appears on the side of the lips during fever?

0
1098
সাধাৰণতে আমাৰ জ্বৰ হ’লে বেছিভাগৰে ওঁঠৰ কোণত ঘা হোৱা দেখা যায়৷ জ্বৰ হোৱাৰ পাছত প্ৰায়ভাগৰে এইদৰে ঘা হোৱা দেখিবলৈ পোৱা যায়৷ এইদৰে হোৱা ঘায়ে আপোনাক নিশ্চয় অস্বস্তিত পেলায়৷ আনকি খোৱা-লোৱাৰ ক্ষেত্ৰত মুখখন ভালদৰে মেলিব নোৱাৰি পয়মালৰ সৃষ্টি কৰে৷ এইদৰে সৃষ্টি হোৱা ঘা নিৰাময়ৰ বাবে বজাৰত বিভিন্ন মলম, ঔষধ পোৱা যায় যদিও ঘৰুৱাভাৱে যতন ল’লে অধিক ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা যায়৷ জ্বৰ হোৱাৰ পাছত ওঁঠত হোৱা ঘা টুকুৰা ঘৰুৱা বিধানেৰে কিদৰে নিৰ্মূল কৰিব পাৰি, জানো আহক৷

(১) আপেল চিডাৰ ভিনেগাৰ অলপ লৈ কপাহত তিয়াই ওঁঠৰ ঘা হোৱা ঠাইত লগাওক৷ কিছু সময় পাছতে বিষৰ উপশম হয়৷


(২) সহজে পোৱা নহৰু অলপ পিচি লওক৷ এতিয়া এই মিশ্ৰণটো ঘা অংশত ঘঁহি লগাওক৷ দিনটোত দুই-তিনিবাৰ এনেদৰে লগালে সুফল পোৱা যায়৷

What are cold sores and how can they be treated? | Winning Smiles Dental Care


(৩) ওঁঠত হোৱা ঘাত মৌ লগালে বিষ নাইকিয়া হোৱাৰ লগতে ঘা টুকুৰা সোনকালে শুকোৱাত সহায় কৰে৷


এইদৰে বিভিন্ন উপায় অৱলম্বন কৰিলেও যদি ওঁঠত হোৱা ঘাৰ সমাধান নহয়, তেন্তে চিকিৎসকৰ ওচৰ চপাটো জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here