জীৱনদায়িনী ঔষধৰ দাম পুনৰ বৃদ্ধি

0
237

বজাৰত জুই জ্বলিছে৷ নিত্য ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীৰে অভাৱনীয় দাম বৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাইছে৷ ইয়াৰ মাজতে শেহতীয়াকৈ জীৱনদায়িনী ঔষধৰ অভাৱনীয় দাম বৃদ্ধিয়ে সকলোৰে চকু কপালত তুলিছে৷ জ্বৰ, কাহ, ডায়েবেটিছৰ পৰা আৰম্ভ কৰি উচ্ছ ৰক্তচাপলৈকে সকলো ৰোগৰে ঔষধৰ দাম ১০-২০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ আনকি যোৱা তিনি মাহৰ ভিতৰতে দুবাৰকৈ বহুকেইটা ঔষধৰ দাম বৃদ্ধি পাইছে৷ 
যোৱা এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ দেশতে প্ৰায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম ১০.৭৭ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছিল৷ দেখা গৈছে বহুতো ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে নিৰ্ধাৰণ কৰি দিয়া উক্ত দামৰ পৰিৱৰ্তে ২০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি কৰিছে৷ তথ্য অনুসৰি যোৱা এপ্ৰিল মাহৰ পৰা জুলাই মাহ পৰ্যন্ত এজিথ্ৰ’মাইচিনৰ দাম দুবাৰ বৃদ্ধি পাইছে৷ পান-ডি কেপছুলৰ একোটা ষ্টিপৰ দামো পূৰ্বৰ ১৯০ টকাৰ পৰা ১৯৯ টকালৈ বৃদ্ধি পাইছে৷ 
লেনজ ২০ এম জি কেপছুলৰ একোটা ষ্টিপৰ দাম পূৰ্বতে ৫৫.৫২ টকা আছিল যদিও এতিয়া হৈছেগৈ  ৬১.৪৮ টকা৷ সেইদৰে লিভোক্সাচিন টেবলেটৰ ১২.৪ শতাংশ, ডেক্সনা টেবলেটৰ ১০.৩৫ শতাংশ বৃদ্ধি পাইছে৷ ইফালে উচ্চ ৰক্তচাপত ব্যৱহৃত ঔষধ আৰু ডায়েবেটিছত ব্যৱহৃত ঔষধৰ দাম ১২ৰপৰা ১৫ শতাংশলৈকে, বিভিন্ন ভিটামিনৰ দামো 
১৪ শতাংশ পৰ্যন্ত আনকি চেলাইনৰ দাম ১১ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ জ্বৰ, মূৰৰ বিষ আদিত আক্ৰান্ত হ’লে প্ৰায়সংখ্যক লোকেই বহু সময়ত চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল বা পেইনকিলাৰৰ দৰে দৰব সেৱন কৰি ৰোগৰ পৰা উপশম লাভ কৰে ৷ কিন্তু এতিয়া সেই পেৰাচিটামলৰ দামো ১২ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ জীৱনদায়িনী ঔষধৰ এনে দাম বৃদ্ধিৰ ফলত সাধাৰণ লোকসকলৰ দুশ্চিন্তা বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here