জিভা চাফা কৰিবলৈ পাহৰে নেকি ? Do you forget to clean your tongue?

0
1126
দাঁতৰ লগতে জিভাখন দৈনিক চাফা কৰাটো আমাৰ বাবে খুবেই দৰকাৰী৷ কিয়নো আমাৰ শৰীৰৰ বাবে লাগতিয়াল খাদ্যবস্তু আমি মুখেৰে গ্ৰহণ কৰোঁ, যাৰ বাবে মুখৰ ভিতৰত জিভা, দাঁত আদিত অন্যান্য অপ্ৰয়োজনীয় পদাৰ্থ ৰৈ যায়, যিবোৰ খালী পানীৰে পৰিষ্কাৰ নহয়৷ সেয়েহে আমি দাঁতৰ লগতে জিভাখনো নিয়মিতৰূপে চাফা কৰা উচিত৷

(১) গৱেষণা অনুসৰি দৈনিক দুবাৰকৈ জিভা চাফা কৰিলে জিভাৰ সোৱাদৰ অনুভৱ উন্নত হয়৷ কিয়নো জিভা চাফা কৰিলে মৃত কোষসমূহ পৰিষ্কাৰ হোৱাৰ লগতে জিভাত লাগি থকা অপ্ৰয়োজনীয় পদাৰ্থও চাফা হৈ যায়৷


(২) জিভাত অত্যধিক ময়লা জমা হ’লে জিভাৰ ৰং ঢেলা বগা হৈ যায়৷ সেয়েহে দৈনিক ইয়াক চাফা কৰিলে জিভাৰ প্ৰাকৃতিক ৰং অটুট থকাত সহায়ক হয়৷


(৩) দৈনিক দাঁতৰ লগতে জিভা চাফা কৰিলে মুখৰ দুৰ্গন্ধ উৎপন্ন কৰা বেক্টেৰিয়া ধবংস হোৱাত সহায়ক হয়৷ ফলত মুখৰ দুৰ্গন্ধ ওলোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়৷


(8) যিহেতু আমাৰ জিভাখন শৰীৰৰ বিভিন্ন অংগৰ সৈতে জড়িত হৈ থাকে, সেয়েহে ইয়াক চাফা কৰিলে এই অংগসমূহো সক্ৰিয় হৈ পৰে৷


(৫) একেদৰে খাদ্য হজম প্ৰক্ৰিয়া আমাৰ মুখতে আৰম্ভ হয়৷ যিহেতু লালতিত থকা এনজাইমে খাদ্য হজম প্ৰক্ৰিয়া সহজ কৰি তোলে, সেয়েহে দৈনিক জিভা চাফা কৰাটো প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here