জিছেট-২৪ কৃত্ৰিম উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

0
301

চৰকাৰে মহাকাশ খণ্ডত সংস্কাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নিউ স্পেচ, ইণ্ডিয়া লিমিটেডে [এন এছ আই এল] জিছেট-২৪ নামৰ কৃত্ৰিম যোগাযোগ উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰে৷ এন এছ আই এলৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংগঠন চমুকৈ ইছৰ’ই নিৰ্মাণ কৰা জিছেট-২৪ এটা ২৪-কু বেণ্ডৰ কৃত্ৰিম যোগাযোগ উপগ্ৰহ আৰু ওজন ৪,১৮০ কিল’গ্ৰাম৷ 
ডাইৰেক্ট-টু-হ’ম [ডি টি এইচ] ছাৰ্ভিচ প্ৰভাইডাৰ টাটা প্লে’ই এই কৃত্ৰিম উপগ্ৰহটোৰ সমগ্ৰ সক্ষমতা লীজত ল’ব আৰু সমগ্ৰ ভাৰতত ডি টি এইচ কভাৰেজৰ চাহিদা পূৰণ কৰিব৷ 
২০১৯ চনত স্থাপিত এন এছ আই এল মহাকাশ বিভাগৰ অন্তৰ্গত আৰু এই সংস্থাটোৱে দক্ষিণ আমেৰিকাৰ ফ্ৰেন্স গিয়ানাৰ পৰা ফ্ৰান্সৰ এৰিয়েনস্পেচ কোম্পানীৰ এৰিয়েন-ফাইভ ৰকেটৰ সহায়ত কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰে৷ বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ইছৰ’ই এই কথা কয়৷ ৰকেটটোৱে মালয়েছিয়াৰ এটা কৃত্ৰিম যোগাযোগ উপগ্ৰহো উৎক্ষেপণ কৰে৷ জিছেট-২৪ৰ জীৱন কাল ১৫ বছৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here