জানেনে? কিমান কোটি ভাৰতীয় সুষম আহাৰৰ পৰা বঞ্চিত

0
1261

শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘৰ সংস্থা ‘ফাও’ৰ এক প্ৰতিবেদনত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ প্ৰকাশিত তথ্য মতে ভাৰতৰ ৯৭ কোটি জনতাই স্বাস্থ্যকৰ খাদ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ অৰ্থ এইটো যে ভাৰতৰ মুঠ জনসংখ্যাৰ ৭০.৫ শতাংশই সুষম আহাৰ বা স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব পৰা নাই৷ ৰাষ্ট্ৰসংঘৰ খাদ্য তথা কৃষি সংস্থাটোৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে এছিয়া মহাদেশৰ ৪৩.৫ শতাংশ মানুহে সুষম আহাৰ বা স্বাস্থ্যকৰ আহাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ 
উক্ত প্ৰতিবেদন যদি চোৱা যায় তেতিয়াহ’লে ২০২০ চনত বিশ্বজুৰি তিনিশ সাত কোটি লোকে স্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বহুযোজন পিছপৰি আছে৷ বৰ্তমান সমগ্ৰ বিশ্বতে ৪২ শতাংশ মানুহে সুষম আহাৰ সংগ্ৰহৰ পৰা বঞ্চিত হৈ আছে৷ সুষম আহাৰৰ পৰা বঞ্চিত তালিকাত বিশ্বৰ ভিতৰৰে নেপালে শীৰ্ষস্থানত আছে৷ উল্লেখ্য যে ভাৰতৰ প্ৰায় আশী কোটি লোকে চৰকাৰ প্ৰদত্ত খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ গৰিষ্ঠ সংখ্যক লোকে চৰকাৰী আঁচনিৰ অধীনত এতিয়াও সুষম আহাৰ পোৱা নাই বুলি ফাও-ৰ প্ৰতিবেদন কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here