জলবায়ু পৰিৱৰ্তনৰ পৰিণামস্পিটিত অসময়ত গলিছে হিমবাহ

0
252


গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত জৈৱ-বৈচিত্ৰ্যৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই আনিছে৷ বিশ্বত এটাৰ পাছত আন এটা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে একমাত্ৰ পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন ফলত৷ শেহতীয়াকৈ হিমাচল প্ৰদেশৰ লাহৌল স্পিটিৰ দৰে প্ৰকৃতিক অতি শান্ত সমাহিত, নিৰ্জন ঠাইতো গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিপদ ঘণ্টাৰ সংকেত দিছে৷ উত্তৰাখণ্ডৰ যোশীমঠৰ হোৱা ভয়ংকৰ দুৰ্যোগ পাছত এতিয়া স্পিটিত অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ যোৱা চাৰি পাঁচ বছৰ ধৰি লাহৌল স্পিটিত অসময়ত হিমবাহ স্খলনৰ ঘটনা সংঘটিত হৈছে৷ অটল সুৰংগৰে অধিক যাতায়াতৰ ফলতে এইদৰে অসময়ত হিমবাহ গলিছে বুলি ধাৰণা কৰা হৈছে৷ ২০২০ চনৰ পৰা বৰ্তমানলৈকে যিটো হাৰত অটল সুৰংগৰে যাতায়াত কৰাৰ ফলস্বৰূপেই গোলকীয় উষ্ণতাৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে৷ যাৰ ফলত এইদৰে অধিক মাত্ৰাত হিমবাহ গলিবলৈ আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here