জনবিস্ফোৰণ! বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’ব ভাৰত

0
578

ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এখন প্ৰতিবেদন মতে, বিশ্বৰ আটাইতকৈ বেছি জনবহুল দেশ হিচাপে অহা বছৰ চীনক ভাৰতে চেৰ পেলাব৷ প্ৰতিবেদনখনত লগতে এই বছৰৰ নৱেম্বৰৰ মাজভাগত বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন [৮০০ কোটি] হ’ব বুলি ভৱিষ্যদ্বাণী কৰা  হৈছে৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ জনসংখ্যা শাখাই প্ৰস্তুত কৰা ‘দ্য ৱৰ্ল্ড পপুলেশ্যন প্ৰছ্‌পেক্ট ২০২২’ত কোৱা হৈছে যে ২০২২ চনৰ ১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন হ’বগৈ৷ ১৯৫০ চনৰ পাছৰ পৰা বিশ্বত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বনিম্ন হৈছে৷ 
২০২০ চনত জনসংখ্যা বৃদ্ধিৰ হাৰ ১ শতাংশ কমে৷ ৰাষ্ট্ৰসংঘৰ মতে, বিশ্বৰ জনসংখ্যা ২০৩০ চনত প্ৰায় ৮.৫ বিলিয়ন আৰু ২০৫০ চনত ৯.৭ বিলিয়নলৈ বাঢ়িব পাৰে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ২০২৩ চনত অতি জনবহুল দেশ হিচাপে ভাৰতে চীনক চেৰ পেলাব৷ দুয়োখন দেশত বৰ্তমান জনসংখ্যা ১.৪ বিলিয়নতকৈও বেছি৷ 
২০২২ চনত ভাৰতৰ জনসংখ্যা ১.৪১২ বিলিয়ন আৰু চীনৰ ১.৪২৬ বিলিয়ন৷ ২০৫০ চনৰ ভিতৰত ভাৰতৰ সংখ্যা ১.৬৬৮ বিলিয়ন আৰু চীনৰ জনসংখ্যা ১.৩১৭ বিলিয়ন হ’ব বুলি প্ৰতিবেদনখনত প্ৰক্ষেপ কৰা হৈছে৷ ২০৫০ চনৰ ভিতৰত বিশ্বত যিমান জনসংখ্যা বাঢ়িব, তাৰ ৫০ শতাংশ মাত্ৰ আঠখন দেশত কেন্দ্ৰীভূত হৈ থাকিব৷ সেই দেশকেইখন হ’ল– কংগো গণতান্ত্ৰিক গণৰাজ্য, ইজিপ্ত, ইথিওপিয়া, ভাৰত, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইন আৰু টাঞ্জানিয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here