জণ্ডিচ ৰোগ নিৰাময়ৰ বাবে এই পাতবোৰ অত্যন্ত উপকাৰী

0
487

যেতিয়া লিভাৰে ঠিকমতে কাম নকৰে, তেতিয়া তেজত বিলিৰুবিন নামৰ এবিধ পদাৰ্থৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে৷ এই পদাৰ্থবিধ বৃদ্ধিৰ কাৰণে চকু বা নথ হালধীয়া বৰণৰ হ’বলৈ ধৰে৷ লোকজনৰ ক্লান্তি-ভাগৰ অনুভৱ হয়, পেটৰ বিষ, শৰীৰৰ ওজন হ্ৰাস, বমি হোৱা, শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হোৱা, আভোগ আদি লক্ষণবোৰে দেখা দিয়ে৷ ইয়াকে জণ্ডিচ ৰোগ হোৱা বুলি কোৱা হয়৷ মূলতঃ লিভাৰৰ কাৰ্যক্ষমতা হ্ৰাস পায় জণ্ডিচ ৰোগ হ’লে৷ কিছু ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে লিভাৰৰ সংক্ৰমণ তথা জণ্ডিচ ৰোগৰ পৰা নিৰাময় পাব পাৰি৷ জানো আহক কিধৰণৰ পাতে জণ্ডিচ ৰোগ নিৰ্মূল কৰিব পাৰে৷ অৰহৰ পাত কেইখিলামান পিচি ৰস উলিয়াই প্ৰতিদিনে ৬০ মিলিলিটাৰ ৰস সেৱন কৰিলে জণ্ডিচ ৰোগৰ পৰা উপশম পোৱা যায়৷
১০টামান নেমু পাত লৈ একাপ পানীৰ সৈতে মিহলাই গৰম কৰিব৷ আধা লিটাৰ পানীত ২০টামান ধনিয়া পাত সিদ্ধ হ’বলৈ দিব৷ এই মিশ্ৰণখিনিৰে এটা মিশ্ৰিত ক্বাথ প্ৰস্তুত হ’ব৷ জণ্ডিচত আক্ৰান্তসকলে দিনে তিনিবাৰ এই মিশ্ৰণটো সেৱন কৰক৷ ৰোগৰ পৰা উপশম পাব৷
মূলাৰ কেইটামান পাতৰ পৰা ৰস উলিয়াই প্ৰতিদিনে সেৱন কৰক৷ দহদিনমান খোৱাৰ পাছত ৰোগৰ পৰা মুক্তি লাভ কৰিব৷
অমিতাৰ পাতৰ ৰস উলিয়াই এটা পেষ্ট তৈয়াৰ কৰক৷ তাত এচামুচ মৌ মিহলাই দুসপ্তাহমান নিয়মীয়াকৈ সেৱন কৰক৷ জণ্ডিচ ৰোগ নিৰাময় হ’ব৷
১৫টামান চতুলসীৰ পাতৰ ৰস উলিয়াই তাত আধা গ্লাছ মূলাৰ পাতৰ ৰস যোগ কৰক৷ এই মিশ্ৰণটো তিনি সপ্তাহমান সেৱন কৰিলে জণ্ডিচ ৰোগৰ পৰা হাত সাৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here