ছুপাৰ স্পেচিয়েলিটি হাস্পতালত বহিঃবিভাগৰ সেৱা আৰম্ভ

0
1086

ৰাজ্যৰ স্বাস্থ্য খণ্ডত নতুন সংযোজনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীনৰ ‘হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ’ [চি এন চেণ্টাৰ] ১০ মে’ৰ পৰাই বহিঃবিভাগৰ চিকিৎসা সেৱা আৰম্ভ হৈছে৷ 
অসমতে হৃদৰোগ আৰু স্নায়ুৰোগৰ উন্নত মানৰ চিকিৎসা উপলব্ধ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ অ’ পি ডি সেৱা মুকলিৰ প্ৰথমটো দিনতে চিকিৎসা গ্ৰহণৰ বাবে যথেষ্টসংখ্যক ৰোগীৰ আগমন হয়৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰথম দিনাই ৰোগীৰ বাবে উপলব্ধ চিকিৎসা সেৱাকে ধৰি যাৱতীয় দিশসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে ৰোগী, আত্মীয় আৰু চিকিৎসা কৰ্মীৰে মত বিনিময় কৰে৷ অত্যাধুনিক চিকিৎসালয়খনত চিকিৎসা সেৱা মুকলিৰ প্ৰথমটো দিনৰ সামগ্ৰিক পৰিৱেশ পৰিদৰ্শনৰ অন্তত বিভাগীয় মন্ত্ৰীজনে চি এন চেণ্টাৰৰ সভাকক্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, চি এন চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্য আৰু প্ৰশাসনিক বিষয়া ডাঃ (কৰ্নেল) সঞ্জীৱ মেধিৰ লগতে চাৰিটা বিভাগ কাৰ্ডিঅ’লজি, কাৰ্ডিঅ’ ছাৰ্জাৰী, নিউৰ’লজি আৰু নিউৰ’ ছাৰ্জাৰীৰ মুৰব্বী অধ্যাপক, অধ্যাপক, সহযোগী অধ্যাপক তথা বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ নতুন চিকিৎসালয়খনৰ সু-পৰিচালনাৰ দিশটো বিশদভাৱে আলোচনা কৰে৷ নতুন ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনত হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত ৰোগীসকলে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে যাতে উন্নত মানৰ, সুলভ চিকিৎসা সেৱা লাভ কৰিব পাৰে, সেয়া প্ৰথমৰ পৰাই সুনিশ্চিত কৰিবলৈ মন্ত্ৰী মহন্তই আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here