ছাৰ্জাৰী অবিহনে কৰিলে দ্বৈত ভাল্‌ভ সংস্থাপন : ক’ত?

0
165


কাবেৰী হাস্পতাল চেন্নাই-এ এগৰাকী ৮২ বছৰীয়া হৃৎপিণ্ডৰ ভাল্‌ভৰ বিজুতিত ভুগি থকা ৰোগীক ট্ৰেন্সকেথেটাৰৰ সহায়ত পেচমেকাৰ সংস্থাপন আৰু ছাৰ্জাৰী অবিহনে দ্বৈত ভাল্‌ভ সংস্থাপন কৰিবলৈ সক্ষম হয়৷ এনেধৰণৰ চিকিৎসা দেশৰ ভিতৰতে প্ৰথম৷ কাবেৰী হাস্পতালৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ আৰ অনন্থৰমনে কয় যে ‘ৰোগীজনৰ Mitral Valve আৰু Aorite Valveত বেছিকৈ আৰু Tricuspid Valveত কিছু পৰিমাণে লিকেজ আছিল৷ ৰোগীজনৰ ২০১২ চনত অস্ত্ৰোপচাৰ কৰি Mitral Valve আৰু Aorite Valve সংস্থাপন আৰু Tricuspid Valve মেৰামতি কৰা হৈছিল৷ এই বছৰত পুনৰ তেওঁৰ অৱস্থা বেছি বেয়া হৈছিল আৰু যোৱা ৬ মাহ ধৰি উশাহ লোৱা, খোজকঢ়া বা চিট হৈ শোৱাত অসুবিধা পাইছিল৷ তেওঁলোকৰ চিকিৎসকৰ দলে ৰোগীজনৰ অৱস্থা আৰু ৰোগৰ ইতিহাসৰ বুজ লয়৷ তেওঁৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে একে ছাৰ্জাৰী নকৰাৰ সিদ্ধান্ত ল’লে৷ তেওঁলোকে দীঘলীয়া আলোচনাৰ অন্তত ট্ৰেন্সকেথেটাৰৰ সহায়ত Mitral Valve আৰু Aorite Valve-ত ভাল্‌ভৰ ওপৰতে ভাল্‌ভ লগাবলৈ ঠিক কৰিলে আৰু লগতে হৃৎপিণ্ডত থকা বিন্ধা এটাৰ বাবে ট্ৰেন্সকেথেটাৰ পেচমেকাৰৰ সহায়ত পেচমেকাৰ লগোৱা হয় বুলি ডাঃ আৰ অনন্থৰমনে কয়৷ যিসকল ৰোগীৰ পূৰ্বতে পেশী ভাল্‌ভৰ লগতে অ’পেন হাৰ্ট ছাৰ্জাৰী হয় আৰু বৰ্তমান ই অকামিলা হৈ পৰে তেনে ৰোগীক অতি সোনকালে সুস্থ কৰি তুলিবলৈ ট্ৰেন্সকেথেটাৰ ব্যৱস্থাৰ সহায় লোৱা হয়৷ এনে ব্যৱস্থাত ৰোগীক তিনিদিনৰ পাছতে ঘৰলৈ যাবলৈ দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here