ছালৰ যতনৰ বাবে ঘৰুৱাভাৱেএলোভেৰা জেল কিদৰে প্ৰস্তুত কৰিব?

0
411


মুখৰ হেৰুওৱা সৌন্দৰ্য তথা উজ্জ্বলতা ঘূৰাই আনিবলৈ সঠিক যত্ন লোৱাৰ প্ৰয়োজন৷ ছালখনৰ সঠিককৈ যত্ন ল’লে সকলো সমস্যা সমাধান হয়৷ বহুতেই বজাৰত কিনিবলৈ পোৱা নামী দামী প্ৰডাক্ট মুখৰ সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰে৷ ইয়াৰ পৰিৱৰ্তে মুখখনৰ সৌন্দৰ্যৰ বাবে ঘৰুৱাভাৱে কিছু ব্যৱস্থা লয়, তেন্তে যথেষ্ট সুফল পোৱাৰ উপৰি ছালখন কোনো ক্ষতিৰ সন্মুখীন নহয়৷ ইয়াৰ ভিতৰত অন্যতম হ’ল এলোভেৰা জেল৷ প্ৰাকৃতিকভাৱে এলোভেৰা গছৰ পৰা পোৱা জেলে ছালৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷ এই এলোভেৰা জেল যিমান সহজলভ্য, সিমানেই উপকাৰী৷ এলোভেৰা জেলত ভিটামিন-এ, ভিটামিন-চি ভিটামিন-ই, এইজাইম, মিনাৰেল, ছেপোনিন, ছেলিচাইলিক এচিড, এমিন’ এচিড আদি পোৱা যায়৷ এইবোৰ উপাদানে এণ্টিঅক্সিডেণ্টৰ কাম কৰে৷ ইয়াৰ উপৰি ফলিক এচিড আৰু ভিটামিন-বি১২ পোৱা যায় এলোভেৰা জেলত৷
এলোভেৰা জেলে ছালৰ আদ্ৰৰ্তা ধৰি ৰখাত সহায় কৰে৷ সেয়ে শীতকালত ছালখনত এলোভেৰা জেল ব্যৱহাৰ কৰিলে সুফল পাব পাৰি৷ এলোভেৰা জেলত এণ্টিছেপটিক উপাদান থাকে৷ এণ্টিইনফ্লেমেটৰী হিচাপেও ই কাম কৰে৷ ইয়াৰ ফলত ছালৰ কটা-ছিঙা, ক্ষয় স্থান বা ব্ৰুনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এলোভেৰা জেল লগাব পাৰে৷ ছালখন চিৰতৰুণ কৰি ৰাখিবলৈ এলোভেৰা জেল ব্যৱহাৰ কৰক৷ ছালখন সতেজ, মসৃণ তথা উজ্জ্বল কৰি ৰাখিবলৈ এলোভেৰা জেলৰ বিকল্প আন একো নাই৷ এলোভেৰা জেলত এণ্টিমাইক্ৰ’বিয়েল উপাদান থাকে৷ যাৰ ফলত একনীৰ দৰে সমস্যা সহজে সমাধান কৰিব পাৰে৷ এলোভেৰা জেলত থকা এণ্টিঅক্সিডেণ্টে ছালখন টক্সিনমুক্ত কৰি ৰখাত সহায় কৰে৷ ছালখনে প্ৰাকৃতিকভাৱে পোৱা ৰুক্ষ বা শুষ্কতাৰ ভাব নাইকিয়া কৰিবলৈ এলোভেৰা জেল ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷ ইয়াক এণ্টি এজিং ক্ৰিম হিচাপেও ব্যৱহাৰ কৰিব পাৰে৷ আনহাতে গোটেই দিনটো মইশ্বৰাইজাৰ হিচাপে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here