ছালৰ বিভিন্ন সমস্যাত নিমপাত কেনেকৈ ব্যৱহাৰ কৰিব?

0
499
ঔষধি গুণসম্পন্ন গছৰ ভিতৰত নিমগছৰ স্থান অন্যতম৷ নিমৰ পাতক এণ্টিছেপটিক হিচাপেও বিবেচনা কৰা হয়৷ নিমৰ গুণাগুণৰ কথা বিবেচনা কৰিয়েই  নিমক একৈশ শতিকাৰ বৃক্ষ বুলি ঘোষণা কৰা হৈছে৷ শৰীৰৰ অন্য অংগৰ লগতে ছালৰ বিভিন্ন সমস্যা নিৰ্মূল কৰাত নিম বিশেষভাৱে কাৰ্যকৰী৷ ছালৰ বিভিন্ন সমস্যাত নিম পাতক কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক৷

(১) শালমইনা হ’লে নিম পাত আৰু কমলাৰ বাকলি পানীত সিজাই ঠাণ্ডা হোৱাৰ পাছত মিক্সিত ব্লেণ্ড কৰি এটা পেষ্ট তৈয়াৰ কৰি ল’ব লাগে৷ এতিয়া এই পেষ্টটোত অলপ মৌ আৰু নেমুৰ ৰস মিশ্ৰণ কৰি সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে শালমইনাবিহীন এখন উজ্জ্বল ছালৰ গৰাকী হ’ব পাৰিব৷

30 DIY Homemade Face Packs for Beautiful Skin | Styles At Life


(২) Whitehead, Blackhead সকলো ধৰণৰ সমস্যা নিৰ্মূল কৰিব পাৰে নিম পাতে৷ ইয়াৰ বাবে নিম পাতৰ গুড়ি, সামান্য হালধিৰ গুড়ি আৰু পানীৰে তৈয়াৰী পেষ্ট আক্ৰান্ত অংশত লগাই কুহুমীয়া পানীৰে ধুই পেলাব লাগে৷

Herbal Preparations: Neem & Turmeric Skin Oil - Sivananda Yoga Vedanta Centres & Ashrams — Google Arts & Culture


(৩) এনেধৰণে তৈয়াৰ কৰা পেষ্টে ডাৰ্ক স্পট্‌ছ, Blemish, ছাল ৰঙা পৰা আদি সমস্যাও নিৰাময় কৰে৷

Get rid of Acne, Acne Marks & Dark Spots really fast | DIY Neem Face pack - YouTube


(8) নিম পাত সিজোৱা পানীৰে গা ধুলে ছালত হোৱা খৰ-খজুৱতি আদি ভাল হয়৷

Bathing With Neem Leaves Water Can Give You These Amazing Benefits


(৫) ইয়াৰ উপৰি নিম পাতত থকা এণ্টিবেক্টেৰিয়েল উপাদানে উফিৰ সমস্যা, দেহত পৰা বয়সৰ চাপ, বিভিন্ন এলাৰ্জিক ইনফেক্‌শ্যন আদি দূৰ কৰাতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here