চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈজবা ফুল কিদৰে লগাব

0
179

প্ৰাচীন কালৰে পৰা জবা ফুল বা জবা ফুলৰ পাত চুলিৰ যতনৰ ব্যৱহাৰ হৈ আহিছে৷ জবা ফুলৰ পাত পিচি এটা পেষ্ট প্ৰস্তুত কৰি চুলিৰ গুৰিবোৰত ভালদৰে মাছাজ কৰিলে চুলিৰ স্বাস্থ্য তথা উজ্জ্বলতা, সতেজতা বৃদ্ধি পায়৷ এই পেষ্টটোত অলপ নাৰিকল তেল মিহলাই চুলিত ব্যৱহাৰ কৰিলে সাংঘাতিক উপকাৰ পোৱা যায়৷ আপুনি যদি আপোনাৰ চুলি অথবা ছালৰ পৰিচৰ্যাৰ কাৰণে এইধৰণৰ প্ৰাকৃতিক উপাদানবোৰ ব্যৱহাৰ কৰে, ইয়াৰ ফলত আপোনাৰ চুলিবা ছালৰ সুস্বাস্থ্য অটুট থকাৰ লগতে কোনোধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা নাথাকে৷ আনহাতে দোকানৰ কিনিবলৈ পোৱা ছেম্পু বা কণ্টিশ্যনাৰবোৰত কেমিকেল মিহলি হৈ থাকে বাবে চুলি বা ছালত ইয়াৰ কুপ্ৰভাৱ পৰিব পাৰে৷ নামী-দামী বিভিন্ন কোম্পানীৰ প্ৰশাধনবোৰ ব্যৱহাৰ কৰাৰ ফলত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰো আপুনি চিকাৰ হ’ব পাৰে৷ সেয়েহে কেমিকেলৰ পৰা মুক্ত, প্ৰাকৃতিকভাৱে হাততে পোৱা জবা ফুলৰ পাত চুলিত ব্যৱহাৰ কৰি যথেষ্ট সুফল পাব পাৰে৷ জবা ফুলৰ পাতৰ পেষ্ট তৈয়াৰ কৰি তাত অলপ দৈ ভালদৰে মিহলাই লওক৷ এই মিশ্ৰণটো সপ্তাহত দুদিন চুলিত লগালে নতুন চুলি গজাৰ লগতে চুলি উজ্জ্বলতা, সতেজতা বৃদ্ধি কৰিব৷ এইটো এটা অসাধাৰণ হোমমেড হেয়াৰ পেক হিচাপে গণ্য কৰা হয়৷
জবা ফুলৰ পাতৰ পেষ্টটোৰ সৈতে কণী মিহলাই চুলিখিনি ভালদৰে মাছাজ কৰক৷ কিছু সময় ৰাখি পাছত পৰিষ্কাৰ পানীৰে মূৰটো ছেম্পু কৰি ধুই দিব৷ সপ্ৰাহত দুদিনমান এইদৰে লগালে চুলিৰ চেহেৰায়েই সলনি হৈ যাব৷ এলাৰ্জি অথবা চুলিৰ কোনোধৰণৰ সমস্যা থাকিলে এই পেষ্টটো লগোৱাৰ আগেয়ে এজন স্কীন স্পেছিয়েলিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here