চুলিৰ সৌন্দৰ্য ৰক্ষাৰ বাবে ঘৰুৱাভাৱে পিঁয়াজৰ তেল কিদৰে ব্যৱহাৰ কৰিব ?

0
886

পিঁয়াজৰ তেল চুলিৰ বাবে অত্যন্ত উপকাৰী৷ চুলি দীঘল, ঘন, ক’লা কৰি ৰাখিবলৈ পিঁয়াজৰ তেল চুলিত ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে ঘৰুৱাভাৱে পিঁয়াজৰ তেল প্ৰস্তুত কৰিব৷ প্ৰথমে কেইটামান পিঁয়াজ  কাটি লৈ তাৰ পৰা পাছত মিক্সিত ভালদৰে পেষ্ট কৰি ল’ব৷ এই পেষ্টটোত দুকাপমান নাৰিকলৰ তেল মিহলাই লওক৷ তাৰ পাছত মিশ্ৰণটো ভালদৰে গৰম কৰি ল’ব৷ গৰম হোৱাৰ পাছত মিশ্ৰণখিনি ভালদৰে এটা পাত্ৰত চেকি লৈ তাৰ পৰা পোৱা তেলখিনি বেলেগ পাত্ৰত সংৰক্ষণ কৰিব৷ পিঁয়াজৰ তেল অলপ লৈ তাত নিমপাতৰ ৰস মিহলাই চুলি লগাব পাৰে৷ নিমপাতৰ ৰস চুলিৰ বাবে যথেষ্ট উপকাৰী৷ এই মিশ্ৰণটো এসপ্তাহমান চুলিৰ লগালে চুলিৰ সৌন্দৰ্য বৃদ্ধি পাব লগতে চুলিৰ উফি, খজুৱতি, চুলিৰ সৰা আদি সমস্যাবোৰে নিৰাময় হয়৷ চুলিৰ উজ্জ্বলতা তথা সজীৱতা ঘূৰাই আনিব পাৰে পিঁয়াজ আৰু নিমপাতৰ ৰসৰ পেষ্টে৷
পিঁয়াজৰ তেলৰ সৈতে আলমণ্ড অইল ভালদৰে মিহলাই উক্ত মিশ্ৰণটো চুলিৰ গুৰি ভালদৰে মাচাজ কৰিব৷ কিছু সময়ৰ পাছত চুলিখিনি ছেম্পুৰে ধুই দিব৷ চুলিৰ ৰুক্ষতা ভাব দূৰ হৈ চুলিখিনি ছাইনিং হৈ পৰিব৷
আমলখি বটি লৈ তাৰ ৰসখিনি পিঁয়াজৰ তেলৰ সৈতে মিহলাই চুলিত লগালে চুলি যথেষ্ট ঘন, আৰু ক’লা হয়৷ শীতকালৰ এই মিশ্ৰণটো চুলিত লগালে উফিৰ সমস্যা নিৰাময় হয়৷
পিঁয়াজৰ তেল নিয়মিতভাৱে চুলিত ব্যৱহাৰ কৰিলে চুলি চুলিকোছা সুন্দৰ, জলমল হোৱাৰ লগতে চুলি বিভিন্ন সমস্যা সমাধান হোৱাৰ এইবিধ তেল অতি উত্তম৷
পিঁয়াজৰ তেলে চুলি নতুনকৈ গজাত সহায় কৰে৷ যিসকলৰ চুলিত টক পৰিছে, তেওঁলোকে চুলিত নিয়মিতভাৱে পিঁয়াজৰ তেল ব্যৱহাৰ কৰিলে সোনকালে সুফল লাভ কৰিব৷
পিঁয়াজৰ তেলে ফাংগাছ ইনফেক্‌শ্যন দূৰ কৰাত সহায় কৰে৷ বিশেষকৈ শীতকালত বিভিন্ন ধৰণৰ ভাইৰাছৰ সংক্ৰমণ ফলত চুলিৰ সমস্যাই দেখা দিব পাৰে৷ সেয়েহে ফাংগাছ ইনফেক্‌শ্যনৰ বাবে ৰক্ষা পাবলৈ চুলিত পিঁয়াজৰ তেল ব্যৱহাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here