চীনত আকৌ ন ৰূপত কোৰোনা

0
1565

২৭ আগষ্ট, স্বাস্থ্যবাৰ্তাঃ চীনৰ হংকং চহৰত পুনৰ এজন লোক ক’ৰোনা প’জিটিভ বুলি ধৰা পৰিছে। এবাৰ ক’ৰোনা হৈ সুস্থ হোৱাৰ ১৪২ দিনৰ পিছত পুনৰ লোকজনৰ গাত ক’ৰোনাৰ উপস্থিতি ধৰা পৰে। যোৱা ২৬ মাৰ্চত লোকজনৰ শ্লেষ্মাৰ আৰ টি পি চি আৰ পৰীক্ষাত লোকজন ক’ৰোনাত আক্ৰান্ত বুলি ধৰা পৰিছিল। ২৯ মাৰ্চত লোকজনক হাস্পিতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাৰ অন্তত দুবাৰকৈ ফলাফল নিগেটিভ অহাত ১৪ এপ্ৰিল তাৰিখে লোকজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠিওৱা হৈছিল। কিন্তু অলপতে লোকজন স্পেইনৰ পৰা ইউনাইটেড কিংদম হৈ চীনৰ হংকং বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত তেওঁ‌ৰ আৰ টি পি চি আৰ পৰীক্ষাত পুনৰ ক’ভিদ প’জিটিভ ধৰা পৰা ঘটনাই আন্তৰ্জাতিক মহলত চৰ্চা লাভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here