চীনক চেৰ পেলাই জনবহুলদেশৰ শীৰ্ষত অৱস্থান ভাৰতৰ

0
135


বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে ভাৰতে ইতিমধ্যে চীনক চেৰ পেলালে৷ World Population Review-ৰ [WPR] আনুমানিক হিচাপৰ উল্লেখ কৰি ব্লুমবাৰ্গে এই বাতৰি দিছে৷ WPR লোকপিয়ল আৰু জন্ম-মৃত্যুৰ হিচাপ ৰখা এটা স্বতন্ত্ৰ সংগঠন৷ সংগঠনটোৰ আনুমানিক হিচাপ মতে, ২০২২ চনত ভাৰতৰ জনসংখ্যা আছিল ১.৪১৭ বিলিয়ন [১৪১ কোটি ৭০ লাখ], ১৯৬০-ৰ দশকৰ পৰা প্ৰথমবাৰৰ বাবে চীনৰ জনসংখ্যা কমা বুলি চীনে ঘোষণা কৰা ১৪১ কোটি ২০ লাখ জনসংখ্যাতকৈ ৫০ লাখতকৈ অলপ বেছি৷ অৱশ্যে, ৰাষ্ট্ৰসংঘই আশা কৰে যে এই বছৰৰ শেষৰ ফালেহে জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে চীনক চেৰ পেলাব৷ আন এটা গৱেষণা সংগঠন মেক্ৰট্ৰেণ্ডছৰ আনুমানিক হিচাপ মতে, ভাৰতৰ জনসংখ্যা ১৪২ কোটি ৮০ লাখ৷ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ মন্থৰ হৈছে যদিও ডব্লিউ পি আৰে কয় যে অন্ততঃ ২০৫০ চনলৈকে ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই থাকিব৷ আনহাতে, ২০২১ চনৰ তুলনাত ২০২২ চনত চীনৰ জনসংখ্যা ৯.৫ লাখ কমিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here