চিকিৎসা বিজ্ঞানত চমকপ্ৰদ সাফল্য !মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণ (Epoch-making development in medical science : pig kidney transplanted into human being)

0
1107
বিশ্বত মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণ কৰি ইতিহাসৰ সৃষ্টি কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই৷ নিউয়ৰ্ক চহৰৰ NYU Langone Health-ৰ চিকিৎসকৰ দল এটাই এগৰাকী মগজু-মৃত ব্যক্তিৰ দেহত গাহৰিৰ বৃক্ক  সংৰোপণ কৰে৷ গাহৰিৰ বৃক্ক সংৰোপণ কৰাৰ পাছত ব্যক্তিগৰাকীৰ বৃক্ক জনিত কাম-কাজ স্বাভাৱিক হৈ পৰে৷ ব্যক্তিগৰাকীৰ দেহত ৰোগ প্ৰতিৰোধী ব্যৱস্থাত কোনোধৰণৰ নেতিবাচক প্ৰতিক্ৰিয়া হোৱা নাই৷ উল্লেখ্য যে NYU Langone Health-ৰ শল্য চিকিৎসক ডাঃ ৰবাৰ্ট মণ্টগোমাৰীৰ নেতৃত্বত মগজু-মৃত মহিলাগৰাকীৰ পৰিয়ালৰ সন্মতি সাপেক্ষে দেহত গাহৰিৰ বৃক্ক সংৰোপণৰ এই সফল অস্ত্ৰোপচাৰ চলাইছিল৷ বৃক্ক  সংৰোপণৰ পাছত মহিলাগৰাকীৰ তেজ চলাচলকে ধৰি শৰীৰৰ বাহ্যিক দিশতো সকলো সঠিক হৈ থাকে৷ সংৰোপণৰ পাছত মহিলাগৰাকীৰ শৰীৰৰ সকলো ব্যৱস্থাই স্বাভাৱিক হৈ থাকে বুলি জানিবলৈ দিয়ে চিকিৎসকৰ দলটোৱে৷ ইয়াৰ পূৰ্বেও মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণৰ চেষ্টা চলাইছিল যদিও সফল হ’ব পৰা নাছিল৷ উল্লেখ্য যে উক্ত বৃক্ক সংৰোপণৰ সাফল্যই বৃক্কৰ অভাৱত মৃত্যু হোৱা বিশ্বৰ লাখ লাখ ৰোগীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here