চাহ খেতিয়কৰ হাহাকাৰ : নিম্নগামী হৈছে কেঁচা চাহপাতৰ মূল্য

0
229

ডিচেম্বৰ মাহৰ দৰে নিম্নগামী হৈছে কেঁচা চাহপাতৰ মূল্য৷ উৎপাদন ব্যয়তকৈও উৎপাদিত পাতৰ মূল্য হ্ৰাস পাইছে৷ বহু অঞ্চলত ক্ষুদ্ৰ চাহ খেতিয়কে দুটকা লোকচানত পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ বিশেষকৈ বাগিচাৰ ফেক্টৰীৰ তুলনাত বটলিফ ফেক্টৰিত অস্বাভাৱিক গতিত পাতৰ দাম নিম্নগামী হৈছে৷ সাধাৰণতে নিম্নমানৰ পাতৰ ক্ষেত্ৰত মূল্য কমকৈ নিৰ্ধাৰণ কৰা হয় যদিও অতি শেহতীয়াকৈ একাংশ বটলিফ ফেক্টৰীয়ে পাতৰ মান নিৰ্ধাৰণ নকৰাকৈ এটা নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি লৈছে৷ অৰ্থাৎ, ১৬ টকাৰ পৰা ২০ টকা পৰ্যন্ত মূল্য নিৰ্ধাৰণ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক পাতৰ মূল্য আদায় দিয়া আৰম্ভ কৰিছে৷ ১৬ টকাৰ পৰা ২০ টকা মূল্যত কেঁচা পাত বিক্ৰী কৰিলে কৃষকৰ লাভ নাথাকে যদিও এতিয়া উপায় নাপায় কম দামতে পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে৷ 
কাৰণ পাত নিছিঙাকৈ ৰাখি থ’লে বুঢ়া হয় আৰু সেই পাত ব্যৱহাৰৰ অনুপযোগী হৈ পৰে৷ সেইদৰে কেঁচা পাত ছিঙাৰ পাছত ৰাখি থ’বও নোৱাৰি৷ কেঁচা পাত ছিঙাৰ কেইঘণ্টামানৰ ভিতৰত বিক্ৰী নকৰিলে পাতৰ মান স্বাভাৱিকতে হ্ৰাস পাই আৰু সেই পাত ফেক্টৰীয়ে নিছিঙে৷ সেয়ে জটিল সমস্যাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল৷ জানিব পৰা মতে, বাগিচাৰ ফেক্টৰীসমূহে কেঁচা পাতৰ উচিত মূল্য দিয়ে যদিও এই সময়ত বাগিচাৰ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কম পৰিমাণৰ পাতহে লয়৷ 
বাগিচাসমূহৰ নিজৰ পাতেই এই সময়ত উভৈনদী হৈ পৰাত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা পাত ক্ৰয় কৰিবলৈ আগ্ৰহী নহয়৷ অৱশ্যে তাৰ মাজতে উপযুক্ত মূল্য আদায় দি একাংশ বাগিচাৰ ফেক্টৰীয়ে পাত ক্ৰয় কৰি আছে যদিও ক্ষুদ্ৰ চাহ  খেয়িতকে অপৰ্যাপ্ত পৰিমাণৰ কেঁচা পাত উৎপাদন কৰাত সমস্যা জটিল হৈ পৰিছে৷ যিহেতু এই সময়ত পাতৰ উৎপাদন বৃদ্ধি পাইছে আৰু উৎপাদিত পাত ৰাখি থোৱা সম্ভৱ নহয়, সেয়ে ইয়াৰ সুযোগ লৈছে একাংশ বটলিভ ফেক্টৰীয়ে৷ গতিকে বটলিফ ফেক্টৰীয়ে যি মূল্য দিয়ে সেই মূল্যত পাত বিক্ৰী কৰি ন্যায্য মূল্য লাভ কৰাত কৃষকসকল বঞ্চিত হ’ব লগা হৈছে৷ ইফালে নিম্ন মানৰ পাতৰ দৰে উচ্ছ মানসম্পন্ন পাতৰ ক্ষেত্ৰতো উচিত মূল্য ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰা নাই৷ এতিয়া জিলা নিৰীক্ষণ কমিটীসমূহে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ডিচেম্বৰলৈ কেঁচা পাতৰ মূল্য অধিক অৱনতি হোৱাৰ সম্ভাৱনা প্ৰকট৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here