চাইবাৰ আক্ৰমণৰ দ্বিতীয়বাৰৰ বাবে বলি অইল ইণ্ডিয়া লিমিটেড

0
288

দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড দ্বিতীয়বাৰৰ বাবে চাইবাৰ আক্ৰমণৰ বলি হৈছে৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১০ এপ্ৰিলত হেকাৰে হেক কৰি অইলৰ বহুসংখ্যক কম্পিউটাৰ অচল কৰি পেলাইছিল৷ 
এই লৈ উদ্যোগ প্ৰতিষ্ঠানটোত একপ্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে আমেৰিকা আৰু ৰাছিয়াৰ বিশেষজ্ঞৰ জৰিয়তে কেইদিনমানৰ পূৰ্বে পৰিস্থিতি প্ৰায় স্বাভাৱিক অৱস্থালৈ আনিবলৈ সক্ষম হৈছিল৷ কিন্তু, এইবাৰ অইলত পূৰ্বৰ দৰে ছিষ্টেমত হেকাৰে আক্ৰমণ নকৰি অইল ইণ্ডিয়া লিমিটেডৰ নামত সামাজিক মাধ্যমত এখন পেজ খোলা বুলি জানিব পৰা গৈছে৷ 
উক্ত পেজত কৌশলেৰে অইলৰ বিষয়া-কৰ্মচাৰীক প্ৰশ্ন কৰিছে অইলক আপুনি জানেনে? আপোনাৰ বয়স কিমান? অইলক আপুনি জানেনে? যদি জানে তেন্তে শুভেচ্ছা দি একাউণ্টৰ সবিশেষ বিচাৰে দুষ্ট চক্ৰটোৱে৷ 
সম্ভৱতঃ এই শেষৰ প্ৰক্ৰিয়াটোত অইলৰ বিষয়া-কৰ্মচাৰীয়ে ভৰি দিলেই চাইবাৰ আক্ৰমণৰ বলি হ’ব উদ্যোগ প্ৰতিষ্ঠানটো৷ অৱশ্যে, পূৰ্বৰ আক্ৰমণৰ পাছৰে পৰা নতুন লিংক আহিলে খোলাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল অইল কোম্পানীয়ে৷ সেয়েহে অইল ইণ্ডিয়া লিমিটেডৰ সক্ৰিয়তাৰ বাবে বৰ্তমান পৰ্যন্ত কোনোধৰণৰ হানি-বিঘিনি ঘটাবলৈ সক্ষম হোৱা নাই দুষ্ট চক্ৰটোৱে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here