চলিত বছৰত পাঁচগুণ গ্ৰীষ্ম প্ৰৱাহ বৃদ্ধি

0
212

দেশত চলিত বছৰত গৰমে অভিলেখৰ সৃষ্টি কৰে৷ চলিত বছৰৰ গ্ৰীষ্ম কাল পূৰ্বতকৈ অধিক গৰম আছিল৷ ইয়াৰ লগতে এইবাৰ দেশত ২০৩ দিন গ্ৰীষ্ম প্ৰৱাহ অব্যাহত আছিল৷ চলিত বছৰত গ্ৰীষ্ম প্ৰৱাহ বিগত কেইটামান বছৰৰ তুলনাত অধিক আছিল৷ গ্ৰীষ্ম প্ৰৱাহৰ সৰ্বাধিক কবলত পৰে উত্তৰাখণ্ড৷
ৰাজ্যখনত ২৮ দিন ধৰি গ্ৰীষ্ম প্ৰৱাহ চলিছিল৷ লোক সভাত পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয়ে দিয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ তুলনাত এই বছৰ গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ পাঁচগুণ অধিক আছিল৷ পঞ্জাব আৰু হাৰিয়ানাত যোৱা বছৰৰ তুলনাত ১২ গুণ অধিক আছিল গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here