ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

0
418


নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে সচেতন হোৱাটো ভাল৷ মোবাইলত গান শুনিবলৈ বা কথা পাতিবলৈ বহুতেই হেডফোন ব্যৱহাৰ কৰে৷ ৰাস্তা-ঘাট, বজাৰে সমাৰে, ট্ৰেইন, বিমান আদি সকলোতে কাণত হেডফোন লগাই কথা পতা বা গান শুনাত ব্যস্ত থাকে৷ বিভিন্ন সময়ত ইয়াৰ ফলত দুৰ্ঘটনাজনিত ঘটনাও সংঘটিত হয়৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে যিসকলে প্ৰতিনিয়ত হেডফোন ব্যৱহাৰ কৰে, তেওঁলোকৰ বিভিন্ন ধৰণৰ গুৰুতৰ সমস্যাই আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেয়ে এয়াৰফোন বা হেডফোনৰ ব্যৱহাৰ কমাই দিয়া উচিত৷ বিশেষজ্ঞৰ মতে কেৱল গান শুনাৰ যন্ত্ৰ হিচাপে হেডফোন কাৰোবাৰ জীৱনত ইয়াৰ প্ৰভাৱ অধিক বেছি৷ যেনে কল চেণ্টাৰত কৰ্মৰতসকলে গোটেই দিন হেডফোন হৈ কাম কৰিবলগীয়া হয়৷ এইদৰে ঘণ্টা ঘণ্টা ধৰি হেডফোন ব্যৱহাৰ কৰাৰ ফলত শাৰীৰিক গুৰুতৰ জটিলতাই দেখা দিব পাৰে৷ এই ক্ষেত্ৰত অলপ সাৱধান হোৱা দৰকাৰ৷
টিনিছাছ এক গুৰুতৰ বেমাৰ৷ এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে গোটেই দিন শব্দহে শুনিবলৈ পায়৷ এই ৰোগত ভোগাসকলে গোটেই দিন এটা শব্দই শুনি থকাৰ অভিযোগ কৰে৷ বিশেষজ্ঞই কৈছে যে হেডফোনে কাণৰ ভিতৰত থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ হেয়াৰ কোষবোৰৰ ক্ষতি কৰে৷ এই কাৰণে আক্ৰান্ত ব্যক্তিয়ে গোটেই দিন ৰিং হোৱাৰ দৰে শব্দ শুনিবলৈ পায়৷ এই ৰোগৰ দ্ৰুত চিকিৎসাৰ প্ৰয়োজন, অন্যথা সমস্যা বাঢ়ি গৈ বিপদ মাতিব পাৰে৷
বহুতেই হেডফোন উচ্চ স্বৰত গান শুনে৷ এইদৰে দীৰ্ঘক্ষণ ধৰি উচ্চ স্বৰত গান শুনাটো কাণৰ কাৰণে ক্ষতিকাৰক৷ আনকি কাণৰ শ্ৰৱণ ক্ষমতাত ডাঙৰ ক্ষতি হ’ব পাৰে৷ এইধৰণৰ সমস্যাৰ নাম নয়েজ ইনডিউছড হিয়াৰিং লছ৷ এই ৰোগত ভোগা ব্যক্তিয়ে কাণেৰে কিছু পৰিমাণ কম শুনিবলৈ আৰম্ভ কৰে৷ মূলতঃ হেডফোন ব্যৱহাৰ কৰিলেহে এনে সমস্যাই দেখা দিব পাৰে৷
হেডফোন ব্যৱহাৰ কৰিলে কাণৰ ইনফেকশ্যন হোৱাৰ সম্ভাৱনা অধিক৷ হেডফোন ব্যৱহাৰ কৰিলে কাণ সম্পূৰ্ণ বন্ধ হৈ পৰে৷ আনহাতে নিয়মিত পৰিষ্কাৰ নকৰাৰ ফলত হেডফোনত ধূলি মাকতি লাগি বেক্টেৰিয়া বৃদ্ধি পায়৷ সেয়ে পৰিষ্কাৰ নকৰাকৈ হেডফোন কাণৰ লগালে সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনা থাকে৷
আমাৰ কাণৰ নিজস্ব এক সুৰক্ষাজনিত মেকানিজম আছে৷ এই ক্ষেত্ৰত এক প্ৰক্ৰিয়াৰ জৰিয়তে কাণৰ ভিতৰত জমা হোৱা ময়লা নিজেই বাহিৰলৈ ওলাই আহে৷ কিন্তু গোটেই দিন হেডফোন লৈ থকাৰ ফলত এই প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয়৷ ফলত এই বৰ্জ্য ময়লাবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি কাণৰ ভিতৰতে জমা হ’বলৈ ধৰে৷ পাছত এই ময়লাবোৰে ইনফেকশ্যনৰ আশংকা বৃদ্ধি কৰে৷
দীৰ্ঘদিন হেডফোন ব্যৱহাৰ কৰাৰ ফলত মস্তিষ্কৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে৷ গৱেষণা কৰি পোৱা মতে অনৱৰতে হেডফোন ব্যৱহাৰ কৰিলে মগজুৰ সূক্ষ্ম নাৰ্ভৰ ক্ষতি হ’ব পাৰে৷ আনকি পৰৱৰ্তী সময়ত ইয়াৰ পৰাই ডিজেনাৰেটিভ ডিজিজ হোৱাৰ আশংকাও নোহোৱা নহয়৷ সেয়ে অত্যধিক পৰিমাণে হেডফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here