গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান ঃ ক’ত ?

0
387

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৱৰ্তী দুৰ্গম অঞ্চল গড়ভাঙা, মাটাং, জালুকপাহাম আদি গাঁৱৰ গৰু, ছাগলী, গাহৰিকে ধৰি গ্ৰামাঞ্চলবাসীক সকাহ দিবলৈ আগবাঢ়ি আহিছে ৰাণী ৰাজ্যিক পশু চিকিৎসালয় আৰু সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ৰাণী ৰাজ্যিক সমিতি৷ 
ইয়াৰ অংশ হিচাপে ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক নাৰায়ণ দেউৰী আৰু সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা ৰাণী আঞ্চলিক কমিটীৰ উপদেষ্টা দীনেশ দাসৰ যৌথ প্ৰচেষ্টাত যোৱা ১১ মে’ত উক্ত সীমান্তৱৰ্তী অঞ্চলৰ গাঁওসমূহত গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টিকাকৰণ শিবিৰ অনুষ্ঠিত হয়৷ 
উক্ত টিকাকৰণ শিবিৰত প্ৰায় ৪৫টা গৰুৰ চবকা প্ৰতিষেধক প্ৰদান কৰা হয়৷ টিকাকৰণ শিবিৰত ডাঃ নাৰায়ণ দেউৰীক সহযোগ কৰে ক্ৰমে পশুপালন ক্ষেত্ৰ সহায়ক চাদুকিদ্দীন আহমেদ, ময়ূখ দাস, অসীম দাস, কৌস্তৱ ভৰদ্বাজ আদিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here