গৰমৰ পৰা সকাহ পাবলৈ AC-টো কিদৰে সাজু কৰিব ?

0
189


ইতিমধ্যে সমগ্ৰ দেশতে গৰমপ্ৰবাহ আৰম্ভ হৈছে৷ প্ৰখৰ ৰ’দে দহিছে সমগ্ৰ দেশৰ বিভিন্ন অঞ্চল৷ পাৰাস্তম্ভ দিনকদিনে ঊধ্বৰ্মুখী হৈছে৷ এনে সময়ত বাহিৰলৈ ওলাবই চিন্তা কৰিবলগীয়া হৈছে৷ সূৰ্যৰ প্ৰচণ্ড উষ্ণতাত সেপ ঢুকি নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ গৰমৰ পৰা ৰক্ষা পাবলৈ ফেন, এয়াৰকুলাৰ, AC আদিৰ আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ তীব্ৰ গৰমৰ পৰা ৰক্ষা পাবলৈ AC-ৰ শীতল বতাহে শৰীৰ আৰু মন জুৰি নিয়ে৷ কিন্তু এইসমূহ সামগ্ৰী কেইবাদিনো ব্যৱহাৰ নকৰাৰ ফলত পুনৰব্যৱহাৰৰ বাবে চাই-চিতি ল’ব লাগে, যাতে কোনোধৰণৰ হানি বিধিনি নোহোৱাকৈ ব্যৱহাৰ যোগ্য কৰিব পাৰি৷ সেয়েহে গৰম পৰাৰ লগে লগে ব্যৱহাৰ হৈ নথকা AC-টো কেনেদৰে সাজু কৰিব জানো আহক৷
AC চলোৱাৰ আগতে AC-ৰ এয়াৰ ফিল্টাৰত মছলা জমা হৈ আছে নেকি বা বৈদ্যুতিক সংযোগ, ইয়াৰ ছুইছবোৰ, ফিল্টাৰ ঠিক আছে নে আদিবোৰ পৰীক্ষা কৰিহে ব্যৱহাৰ কৰিব লাগে৷ নহ’লে সামান্য অসাৱধানতাই বিপদ মানিব পাৰে৷
দীৰ্ঘদিন অব্যৱহৃত হৈ থকা AC ব্যৱহাৰ কৰাৰ আগতে চেকআপ বা ছাৰ্ভিচিং কৰাটো অত্যন্ত জৰুৰী৷
বহুদিন AC ব্যৱহাৰ হৈ নাথাকিলে এয়াৰ ফিল্টাৰত ধূলি জমা হয়৷ ধূলি জমা হোৱাৰ বাবে বতাহ চলাচলত বাধা পায়৷ ফলত AC-টোৱে ঠিকমতে কাম নকৰা হয়৷
দীৰ্ঘকাল ব্যৱহাৰ নকৰাৰ ফলত AC-ৰ পৰা শব্দ ওলাব পাৰে অথবা পানীও ওলোৱাৰ সম্ভাৱনা থাকে৷ সেইবোৰ ভালদৰে চাই-চিতিহে ব্যৱহাৰ কৰিব লাগে৷
বহুদিন বন্ধ থকাৰ বাবে ইয়াৰ কুলিং বা ঠাণ্ডা কৰাৰ ক্ষমতা কমিব পাৰে৷ এইক্ষেত্ৰত AC-ৰ ভিতৰৰ নেট খুলি ছেম্পুৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে৷ মনত ৰাখিব AC সদায় ফিল্টাৰ পানীৰেহে পৰিষ্কাৰ কৰিব৷ খুব বেছি ধূলি বা ময়লা জমা হ’লে ডিটাৰজেণ্ট পাউডাৰ বা লিকুইডেৰে পৰিষ্কাৰ কৰক৷
এয়াৰ কণ্ডিশনাৰত জমা হোৱা ময়লা শুকান কাপোৰ, ব্ৰাছ বা ফেনৰ ব্লেডেৰে পৰিষ্কাৰ কৰিব পাৰে৷
কুলিং একেবাৰে বন্ধ হৈ গ’লে বুজিব যে AC-ৰ ভিতৰত গেছ নোহোৱা হৈছে৷ এনে হ’লে সংশ্লিষ্ট প্ৰতিষ্ঠানৰ পৰা গ্ৰাহক সেৱা প্ৰদানকাৰী প্ৰতিনিধিৰ যোগেদি গেছ ৰিফিল ভৰাই লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here