গৰমকালি তৰমুজ খোৱাটো কিয় জৰুৰী?

0
260

গৰমকালি আৰম্ভ হোৱাৰ লগে লগে বজাৰ তৰমুজেৰে ভৰি পৰিছে৷ গৰমকালি শৰীৰত নানাৰকমৰ সমস্যাই দেখা দিয়ে৷ সৰু-সুৰা কাম কৰিলেই শৰীৰ ভাগৰুৱা, ক্লান্ত হৈ পৰে৷  এইদৰে শৰীৰ অৱশ হৈ পৰিলে শৰীৰ হাইড্ৰেট ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী সেৱন কৰাটো আৱশ্যক৷ এই সময়ত শৰীৰত পানীৰ পৰিমাণ সমতুল ৰাখিবলৈ তৰমুজ খোৱা ভাল৷ কিয়নো তৰমুজত ৯২ শতাংশ পানী থাকে৷ ইয়াৰ বাহিৰেও তৰমুজত অত্যন্ত কম কেলৰি থাকে, যি শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী৷ তৰমুজৰ আন আন উপকাৰিতাসমূহৰ বিষয়ে জানো আহক৷

তৰমুজত থকা লাইকোপিনে কলেষ্টৰেল আৰু ৰক্তচাপৰ আশংকা নাইকিয়া কৰে৷
নিয়মিত তৰমুজ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ আনহাতে লিভাৰৰ বাবেও তৰমুজ খুব উপকাৰী৷
তৰমুজ খালে পেশী আৰু স্নায়ু সবল হয়৷ যৌন জীৱনৰ বাবে তৰমুজ যথেষ্ট উপকাৰী৷
বিশেষজ্ঞৰ মতে তৰমুজত থকা লাইকোপিন আৰু নানাধৰণৰ উদ্ভিজ যৌগই কেঞ্চাৰ বিৰোধী হিচাপে কাম কৰে, যিয়ে কেঞ্চাৰৰ পৰা শৰীৰটোক ৰক্ষা কৰে৷
যিসকলে দীৰ্ঘদিন ধৰি পেশীৰ বিষ ভুগি আছে, তেওঁলোকে নিয়মিতৰূপে তৰমুজ খাওক৷ তৰমুজে পেশীৰ বিষ নিৰাময়ৰ বাবে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ তৰমুজত থকা ছিট্ৰুলিন নামৰ এমিন’ এচিডে মাংসপেশীৰ বিষ নোহোৱা কৰাত সহায় কৰে৷
তৰমুজত যিমান পৰিমাণৰ পানী থাকে, ইয়াৰ সমান্তৰালভাৱে ইয়াত ফাইবাৰো পোৱা যায়৷ এই উপাদানে হজম শক্তি উন্নত কৰে৷ ইয়াৰ উপৰি তৰমুজে কোষ্ঠকাঠিন্য, গেছ আদিৰ সমস্যা নাইকিয়া কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here