গ্ৰীষ্মকালত হোৱা ছালৰ খজুৱতি

0
509

ডাঃ দুলুমণি কলিতা
আয়ুৰ্বেদিক মেডিচিন বিশেষজ্ঞ
ফোনঃ ৮৬৩৮৭ ৪৯৪৯৪

আপুনি বাৰু সঘনাই চৰ্দি-জ্বৰ, পানী লগা, অলপ ধোঁৱা-ধূলিৰ সংস্পৰ্শত আহিলেই উশাহৰ কষ্ট অনুভৱ কৰা, সঘনাই ছাল ৰঙা পৰি খজুৱতি উঠা, চকু ৰঙা পৰা আদি সমস্যাত ভুগি আছে নেকি??? যদি তেনে হৈছে তেন্তে আপুনি বাৰু কেতিয়াবা আপোনৰ IgE ৰ পৰীক্ষা কৰি চাইছেনে ?
হয়, এই ধৰণৰ সমস্যাৰ প্ৰধান কাৰণ হ’ব পাৰে আপোনাৰ এলাৰ্জি — আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এক বিকৃত স্বৰূপ। ইশ্বৰৰ অনন্য উপহাৰ স্বৰূপ আমাৰ এই শৰীৰতো সুচাৰুৰূপে চলি থাকিবলৈ আমাৰ শৰীৰত অহৰহ কিছুমান প্ৰক্ৰিয়া চলি থাকে। তেনে এক প্ৰক্ৰিয়া হ’ল আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা। শৰীৰৰ বহিৰৰ পৰা অহা অলাগতিয়াল পদাৰ্থই যাতে আমাৰ শৰীৰৰ ক্ষতি সাধন কৰিব নোৱাৰে, তাৰ বাবে আমাৰ শৰীৰত আমাক ৰক্ষা কৰিবলৈ কিছুমান সৈনিক থাকে, যাক এণ্টিবডি বুলি জনা যায়। বিপৰীতে, বহিৰৰ পৰা অহা অলাগতিয়াল পদাৰ্থবোৰক এণ্টিজেণ্ট বুলি কোৱা হয়। এণ্টিজেন শৰীৰত প্ৰৱেশ কৰিলে এণ্টিবডিবোৰে আক্ৰমণ কৰে , ই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে শৰীৰৰ নিজৰ প্ৰথম প্ৰয়াস আৰু ই অতি প্ৰয়োজনীয়। কিন্তু এষাৰ কথা আছে যে কোনো বস্তুৰে অতি মাত্ৰা ভাল নহয়। থিক তেনেদৰেই আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰ বিকৃতিৰ ফলত আমাৰ শৰীৰৰ বাবে নিৰ্মিত প্ৰতিৰোধ ক্ষমতাই অত্যধিক মাত্ৰাত এণ্টিবডি-এণ্টিজেন বিক্ৰিয়া কৰি ওলোটাই শৰীৰৰ ওপৰত পাৰ্শ্ব ক্ৰিয়া কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এই অলাগতিয়াল উত্তেজনাক চিকিৎসা বিজ্ঞানৰ ভাষাত “হাইপাৰ ছেনচিটিভ ৰিয়েকচন” বা অতিসংবেদনশীলতা বুলি কোৱা হয় ৷ আধুনিক চিকিৎসাত এই ৰিয়েকচন নাশ কৰিবলৈ এণ্টি-এলার্জিক অর্থাৎ এণ্টি-হিষ্টামিনিক ঔষধ সেৱন কৰি সাময়িক ভাৱে এলাৰ্জিৰ সমস্যাক সাময়িকভাৱে কমাই ৰাখিব পাৰি যদিও ইয়াৰ জৰিয়তে সম্পূৰ্ণৰূপে চিৰস্থায়ীভাৱে আৰোগ্য লাভ নহয়। বহু দিনলৈ এই ঔষধৰ সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সমূলে নাশ কৰিবও পাৰে। সেয়েহে বহু দিনলৈ ইয়াৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয়। তাৰ বিপৰীতে আয়ুৰ্বেদিক বিজ্ঞানৰ কিছুমান ঔষধি দৱ্যৰ ব্যৱহাৰৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা নাশ নকৰি ইয়াৰ প্ৰকৃত অৱস্থালৈ ঘুৰাই আনি এই এলাৰ্জিৰ সমস্যাৰ চিৰস্থায়ী সমাধান পাব পাৰি।

এলাৰ্জিৰ বাবে মুখ্য উত্তেজক/ এলাৰ্জেন (allergen) সমূহ হ’ল-
-ধূলি, বালি,
-এলান্ধু,
-ঠাণ্ডা, গৰম
-ঋতু পৰিবৰ্তন,
-খাদ্যবস্তু, যেনে- বেঙেনা, কচু, উৰহী, শামুখ, মাছ, সাগৰীয়া খাদ্য, আইচক্ৰিম, ফাষ্টফুড, ক’ল্ড ডিংক,
-ফুলৰ ৰেণু (pollen),

  • কিছুমান গছৰ শুং,
    -কীট-পতংগৰ শুং বা কামোৰণি যেনে- পৰুৱা-মহৰ কামোৰণি মৌ বা বৰলৰ শুং),
    -পোহনীয়া জীৱ-জন্তুৰ নোম
  • ঔষধ (যেনে- ibuprofen, sulfa drug, penicillin) ইত্যাদিয়েই প্রধান।

এই allergic reaction নিৰ্ভৰ কৰে মানুহজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ ওপৰত আৰু বেছিভাগ ক্ষেত্রতে এইটো অনুমান কৰিব পৰা নাযায়।

যেতিয়া আমাৰ তেজত থকা এণ্টিবডিয়ে কোনো এটা এণ্টিজেন বা এলার্জেন চিনাক্ত কৰে আৰু তাক আক্ৰমণ কৰে সেই এণ্টিবডীবিলাকে কিছুমান chemical বা ৰাসায়নিক পদার্থ ক্ষৰণ কৰে যাক mediator বুলি কোৱা হয়। সাধাৰণতে allergic reaction ৰ সময়ত আমাৰ শৰীৰৰ mast cell বিলাক উত্তেজিত হয় আৰু এই mast cell বিলাকৰ পৰাই এণ্টিবডি নির্গত হয়। এই mast cell বিলাক সাধাৰণতে ছাল, খাদ্যনলী আৰু শ্বাস-প্রশ্বাস তন্ত্ৰত বেছিকৈ থাকে। সেয়েহে এলাৰ্জীৰ লক্ষণসমূহ এই অংগসমূহত বেছিকৈ দেখা যায়। allergic reaction ৰ সময়ত mast cell ত থকা এণ্টিবডিবিলাকে বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। তাৰ ভিতৰত হিষ্টামিন প্রধান। অত্যধিক হিষ্টামিন নিৰ্গত হোৱাৰ হোৱাৰ ফলত শৰীৰত এলাৰ্জী উৎপন্ন হয় আৰু কেতিয়াবা অতি বেছি এলাৰ্জী হৈ মানুহৰ শ্বাসতন্ত্ৰ আৰু হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু পৰ্যন্ত হ’ব পাৰে যাক anaphylaxis বুলি কোৱা হয়।

এলাৰ্জীৰ প্ৰভাৱ কম বা বেছি হোৱাটো নিৰ্ভৰ কৰে মানুহজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত আৰু বহু ক্ষেত্ৰত বংশগত হিচাপে ইয়াক দেখা যায়। আজিকালি আধুনিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে এই ৰোগ বৃদ্ধিত বিশেষভাৱে অৰিহণা যোগাইছে।

এলাৰ্জীৰ প্ৰধান লক্ষণসমূহ –

ছালত হোৱা লক্ষণ :

  • ছাল বিজবিজোৱা বা খজুৱতি,
    -ৰঙা পৰা
    -ফুলি উঠা,
    -পানী-জোলা,
    -ছাল উখহি উঠা,
    মুখমণ্ডল, ডিঙি, চকুৰ পতা, ওঁঠ, জিভা ফুলি বা উখহি উঠা, মূৰৰ বিষ ইত্যাদি।

নাকত হোৱা লক্ষণ –
-সঘনাই চৰ্দি লগা
-নাকৰ ফুটা বন্ধ হৈ যোৱা,
-নাকৰ পৰা পানী ওলোৱা (Allergic rhinitis),
-বাৰে-বাৰে হাঁচিওৱা,
-ডিঙিৰ খিচখিচনী
-নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদাৰ্থ ওলোৱা ইত্যাদি।

চকুত হোৱা লক্ষণ

  • চকু ৰঙা পৰা,
    -খজুৱতি,
    -চকুৰ পতা ফুলি যোৱা ইত্যাদি।

*পাকস্থলীত হোৱা লক্ষণ –
-পেটৰ বিষ,
-বমি ভাব বা বমি,
-পাতল পায়খানা,
-তেজযুক্ত পায়খানা ইত্যাদি।

হাঁওফাঁওত হোৱা লক্ষণ

  • হাঁওফাঁওৰ পৰা সোঁ সোঁ শব্দ হোৱা,
    -দীঘল দীঘলকৈ উশাহ লোৱা,
    -শ্বাস কষ্ট,
    -চিকিৎসাৰ অভাৱত মৃত্যু পৰ্যন্ত হ’ব পাৰে ।

অন্য লক্ষণ

  • ভাগৰুৱা বা অৱশতা,
    -মূৰ ঘূৰোৱা,
    -অজ্ঞাত হৈ যোৱা,
    -গোটেই শৰীৰত ৰঙা চকলা-চকল দাগ লগতে খজুৱতি (urticaria) ইত্যাদি।

এলাৰ্জেনৰ প্ৰকাৰ আৰু মানুহজনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অনুযায়ী লক্ষণসমূহো ভিন ভিন হয়। ওপৰোক্ত লক্ষণসমূহৰ যিকোনো লক্ষণ দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত। কাৰণ Allergic reaction খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰূপ ল’ব পাৰে।

এলাৰ্জিৰ বাবে পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষা
তেজৰ সম্পূৰ্ণ কোষৰ সংখ্যা নির্ণয় (Complete blood count) ।এইটো পৰীক্ষাত তেজৰ ইওচিনোফিল নামৰ কোষৰ সংখ্যা বেছিকৈ ওলাব পাৰে।
IgE বা ImmunoglobulinE এণ্টিবডিৰ পৰীক্ষাৰ সহায়ত মানুহজনৰ কি কি পদাৰ্থৰ প্ৰতি এলাৰ্জী আছে তাক পৰীক্ষা কৰা হয়।

চিকিৎসা ঃ
আধুনিক চিকিৎসা ব্যৱস্থাত এণ্টি-হিষ্টামিনিক, ষ্টেৰ’ইড ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু অতি ভয়াবহ Allergic reaction ৰ ক্ষেত্ৰত এপিনেফ্রিন নামৰ ঔষধ (injection) ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি এলাৰ্জীৰ ফলত হোৱা বিভিন্ন লক্ষণ বা জটিলতাৰ বাবে সেই লক্ষণ বা জটিলতা অনুযায়ী চিকিৎসা কৰা হয় ।

আয়ুর্বেদিক চিকিৎসা –

(১) নিদান পৰিবৰ্জন– এলাৰ্জেন বা উত্তেজকৰ পৰা আঁতৰি থকা – যি কাৰকৰ পৰা এলাৰ্জীৰ সৃষ্টি হয় সেই কাৰকৰ পৰা আঁতৰি থকাই একমাত্ৰ প্ৰতিৰোধ আৰু আটাইতকৈ ফলপ্ৰসূ চিকিৎসা। ব্যাক্তি বিশেষে এই এলাৰ্জেনসমূহ বেলেগ বেলেগ হ’ব পাৰে।

(২) শোধন— এনে বেমাৰত বিশেষভাৱে বিৰেচন কৰ্মৰ দ্বাৰা কোষ্ঠ শোধন কৰি, শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থসমূহ নিৰ্গত কৰি পেলোৱাৰ কথা আয়ুৰ্বেদত পোন প্ৰথমে উল্লেখ আছে। আয়ুৰ্বেদ চিকিৎসাৰ প্ৰথম খোজেই হ’ল শৰীৰৰ শোধন।

(৩) আয়ুৰ্বেদিক ঔষধি— ৰোগ প্ৰতিৰোধ ক্ষমতা অনুকূল কৰিবলৈ বিভিন্ন ঔষধি ব্যৱহাৰ হয়। ইয়াৰ প্ৰধান কিছুমান তলত উল্লেখ কৰা হ’ল
-হালধি
-গিলয়
-তুলসী
-নিম
-আমলখি
-ডালচেনি
-মুলেথি
-আদা
-পিপ্পলি
-বাসক তিতা
-জালুক আদি.

(৪) প্ৰাণায়াম— এলাৰ্জি বিশেষভাৱে শ্বাসতন্ত্ৰৰ লগত জড়িত এটি ৰোগ, শ্বাস কষ্ট ইয়াৰ এটা প্ৰধান সমস্যা। তেনে ক্ষেত্ৰত নিতৌ প্ৰাণায়ামে এই সমস্যা দূৰ কৰাত আৰু ৰোগীক সুস্থ কৰাত বহু সহায় কৰে।

আয়ুৰ্বেদ চিকিৎসাত এই সমস্যাটোৰ প্ৰতিৰোধ তথা ইয়াৰ লক্ষণ আৰু জটিলতা অনুযায়ী বিভিন্ন চমকপ্ৰদ ঔষধিৰ ব্যৱহাৰৰ উল্লেখ আছে। ইয়াৰ বিষয়ে আৰু জানিবলৈ অৰ্হতাসম্পন্ন আয়ুৰ্বেদিক চিকিৎসকৰ ওচৰ চাপক।

এলাৰ্জিৰ পৰা আতৰি থাকিবলৈ কিছু ঘৰুৱা দিহা ঃ

  • খোৱাৰ বাবে কুহুমীয়া গৰম পানীৰ ব্যৱহাৰ
  • পুৱা ভাগত নিতৌ ৬-৭ টা তুলসী পাত মোহাৰি সেৱন কৰিব।
  • নিতৌ হালধি মিশ্ৰিত গাখীৰৰ সেৱন, গাখীৰ পৰা এলাৰ্জি থাকিলে কুহুমীয়া গৰম পানীৰেও সেৱন কৰি পাৰিব।
  • হালধি চূৰ্ণ + ত্ৰিকতু চূৰ্ণ/ পিপ্পলী চূৰ্ণ + খাতি মৌ মিহলাই খালে এলাৰ্জিৰ পৰা উপশম পোৱা যায়
  • গিলয়ৰ গা-গছৰ এটা টুকুৰা অলপ পিহি আধা গিলাচ পানীত ৰাতি দুৱাই ৰাখি পুৱালৈ সেইখিনি মোহাৰি পানীখিনি চেকি লৈ সেৱন কৰিব লাগে। গিলয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সন্তুলিত কৰি ৰখাত সহায় কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here