গোলাপ ফুলৰ কি আছে এনে আচৰিত গুণ ?

0
908

ফুলৰ ৰাণী গোলাপ৷ গোলাপৰ গোন্ধ আৰু সৌন্দৰ্যই আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু৷ গোলাপ ফুল লৈ কত কবিয়ে প্ৰেমৰ কবিতা লিখে৷ প্ৰেমিকে প্ৰেমিকাৰ প্ৰথম প্ৰেম নিৱেদন কৰে গোলাপ ফুল এপাহিৰে ক্ক গোলাপ ফুলক লৈ কল্পনা ৰচে সৰগৰ৷ সেয়েহে গোলাপক সৰগৰ অপেশ্বৰীৰ লগত তুলনা কৰা হয়৷ কিন্তু গোলাপ ফুল অকল দেখিবলৈ যে ধুনীয়া এনে নহয়, ইয়াৰ আছে অসাধাৰণ গুণাগুণ৷ যিয়ে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷  জানো আহক গোলাপ ফুলৰ এনে কি গুণ আছে৷

ছালৰ পৰিচৰ্যাত অন্যতম জনপ্ৰিয় আৰু উপকাৰী উপাদান হ’ল গোলাপ৷ বহু যুগ ধৰি ছালৰ যত্নৰ কাৰণে গোলাপ জল, গোলাপৰ তেল, পাহি ব্যৱহাৰ হৈ আহিছে৷ বৰ্তমান সময়ত ছালখন ভালে ৰাখিবলৈ গোলাপ ফুলৰ বিকল্প বেলেগ নাই৷
গোলাপ ফুলত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ডি, ভিটামিন-ই, এণ্টিঅক্সিডেণ্ট, মিনাৰেল আদি থাকে৷ যাৰ জৰিয়তে ছাল সুস্থ ৰখা, বিভিন্ন ছালৰ সমস্যা দূৰ হোৱা, ছালৰ শুকান ভাব নোহোৱা হোৱা, ছালৰ দাগ নাইকিয়া কৰা আদিত গোলাপে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ গোলাপ জলৰ টোনাৰ হিচাপে ব্যৱহাৰ কৰা হয়৷
চৰ্মৰোগ দূৰ কৰাত গোলাপ জলে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ছালৰ গোলাপ জল নিয়মিত লগালে ছালখন ভালে থাকে আৰু চৰ্মৰোগ নোহোৱা হয়৷
গ’লৰ বিষ হ’লেও গোলাপ জল ব্যৱহাৰ কৰা হয়৷
চকুৰ খচখচনি, চকু ৰঙা পৰা বা চকুৰ বিভিন্ন সমস্যাত গোলাপ জল ব্যৱহাৰ কৰিলে উপকাৰ লাভ কৰিব পাৰি৷
গোলাপৰ পাহিত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালৰ কোষবোৰক সুৰক্ষা প্ৰদান কৰে৷
গোলাপ জল এণ্টিছেপটিক হিচাপে ব্যৱহাৰ কৰা হয়৷ যিকোনো ক্ষত স্থান, কটা-ছিঙা, পোৰা অংশ আদিত গোলাপ জল লগালে আৰাম পোৱা যায় আৰু দ্ৰুতভাৱে শুকান যায়৷
ক্লান্তি দূৰ কৰা তথা মন ভালে ৰাখিবলৈ গোলাপ জল ব্যৱহাৰ কৰা হয়৷ গৱেষণাৰ পৰা গম পোৱা গৈছে যে গোলাপে স্নায়ুৰ ওপৰত প্ৰভাৱ পেলায়৷ যাৰ ফলত মনত উদ্বেগ, ক্লান্তি, অৱসাদ আদি দূৰ কৰিব পাৰে৷
নিয়মিতভাৱে ছালত গোলাপ জল লগালে ছালৰ ওপৰত পৰা বয়সৰ চাপৰ পৰা সুফল লাভ কৰিব পাৰি৷ ছাল শোতোৰা পৰা, ছাল কোঁচ খোৱা আদিৰ পৰা গোলাপ জল লগালে পৰিত্ৰাণ পোৱা যায়৷
আনহাতে ঠিকমতে হজম নোহোৱা, কোষ্ঠকাঠিন্যৰ সমস্যাত গোলাপ জল সেৱন কৰিলে সুফল পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here