গুৱাহাটীৰ সোণাপুৰত কিডনী তথা মূত্ৰৰোগ সম্পৰ্কীয় উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছুপাৰ স্পেছিয়েলিটি হস্পিটেল : Institute of Urology & Kidney Diseases ( IUKD ).

0
339

উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হোৱাৰ পথত কিডনী তথা মূত্ৰতন্ত্ৰৰ বিভিন্ন ৰোগৰ প্ৰথমখন পূৰ্ণাংগ হাস্পতাল Institute of Urology and Kidney Diseases (IUKD). দেশৰ প্ৰখ্যাত ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত গুৱাহাটীৰ সোণাপুৰত বৃক্ক তথা মূত্ৰৰোগ সম্পৰ্কীয় প্ৰথমখন স্বয়ংসম্পূৰ্ণ চিকিৎসালয় ২০২৩ চনৰ জানুৱাৰী মাহত শুভাৰম্ভ হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এয়া এক এইবাবেই সুখবৰ যে এতিয়া আৰু কিডনী তথা পেচাব-সম্পৰ্কীয় যিকোনো জটিল ৰোগৰ বাবে আপুনি অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে নগ’লেও হ’ব। Institute of Urology & Kidney Diseases(IUKD)— এই ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনতেই কিডনী তথা পেচাব-সম্পৰ্কীয় সকলো সৰু-বৰ ৰোগৰ চিকিৎসা কম খৰচতে সহজলভ্য হৈ পৰিব। ইটালীৰ মিলান চহৰত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত তথা উত্তৰ-পূৰ্বাঞ্চলৰ লেজাৰ-মেন হিচাপে খ্যাত ডাঃ অৰূপ কুমাৰ নাথ, বিশিষ্ট ইউৰ’লজিষ্টদ্বয় ডাঃ দেৱজিৎ বৈশ্য আৰু ডাঃ অনুপ কুমাৰ দত্ত বৰুৱা, জনপ্ৰিয় নেফ্ৰ’লজিষ্ট ডাঃ মাস্তাকিম আহমেদ মজুমদাৰ, অভিজ্ঞ চিকিৎসক ডাঃ নিতুল বৈশ্য সমন্বিতে দহৰো অধিক ইউৰ’লজিষ্ট, নেফ্ৰ’লজিষ্ট তথা চিকিৎসকে এই চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰিব। দিনটোৰ ২৪ ঘণ্টাৰ বাবেই চিকিৎসা-সেৱা মুকলি থকা এই চিকিৎসালয় প্ৰাৰম্ভিকতে ১০০খন বিছনাৰে আৰম্ভ হ’ব। তদুপৰি মেডিচিন আৰু শল্য চিকিৎসা বিভাগৰ লগতে ইমাৰ্জেন্সি বিভাগো ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব। উন্নত মানৰ ডায়েলাইছিছ ইউনিট উপলব্ধ চিকিৎসালয়খনত অত্যাধুনিক প্ৰযুক্তিৰে বৃক্ক সংৰোপণৰ সু-ব্যৱস্থাও থাকিব। বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত ১০০ৰো অধিক নাৰ্ছ তথা চিকিৎসা-কৰ্মীয়ে ২৪ ঘণ্টাই ৰোগীসকলৰ সেৱাৰ বাবে নিজকে উৎসৰ্গিত কৰিব।

অপাৰেশ্বনৰ এদিন বা দুদিনৰ ভিতৰতে ৰোগীক ঘৰলৈ যাবলৈ সুবিধা কৰি দিয়া উন্নত চিকিৎসা অৰ্থাৎ ডে কেয়াৰ ছাৰ্জাৰিক উত্তৰ-পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় কৰি তোলা ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথে ইতিমধ্যে দেশৰ বহু চিকিৎসকক কিডনী-সম্পৰ্কীয় উন্নত চিকিৎসাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

অসমত যোগ আৰু ধ্যানক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা মানৱদৰদী চিকিৎসক ডাঃ অৰূপ কুমাৰ নাথৰ চিকিৎসা সেৱাই আমাক সুধাকণ্ঠৰ সেই বিখ্যাত গীতৰ প্ৰাণোচ্ছল কলিটোলৈ মনত পেলাই দিয়ে–

“মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা ? সমনীয়া ?”

মানৱ সেৱাই ঈশ্বৰ সেৱা আৰু এই বসুন্ধৰাৰ প্ৰতিগৰাকী চিকিৎসকেই জীৱন ৰক্ষা কৰিবপৰা একো একোগৰাকী ঈশ্বৰ-দূত। Institute of Urology & Kidney Diseases(IUKD)– এই ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা-সেৱাৰ জৰিয়তে মানৱ-সেৱাৰ ভেটি সুদৃঢ় কৰক, এয়াই আমাৰ শুভকামনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here