গুৱাহাটীৰ ক’ত ঘোষণা হ’লকম্প্ৰেহেন্সিভ ষ্ট্ৰ’ক মেনেজমেণ্ট দল

0
217


এপল’ হাস্পতাল গুৱাহাটীৰ বাবে এক গৌৰৱময় ক্ষণ৷ এপল’ হাস্পতাল গুৱাহাটীৰ তৰফৰ পৰা ব্ৰেইন ষ্ট্ৰ’ক ৰোগীৰ কাৰ্যকৰী চিকিৎসা প্ৰদান কৰিবলৈ এক সামগ্ৰিক ষ্ট্ৰ’ক ব্যৱস্থাপনা দলৰ ঘোষণা কৰা হৈছে৷ এই বিশেষ দলটোত দ্ৰুত এম্বুলেটৰী সেৱা আৰু সমৰ্পিত নিউৰ’ আই চি ইউৰ দ্বাৰা চালিত নিউৰ’ ইমাৰ্জেন্সি বিশেষজ্ঞ, নিউৰ’লজিষ্ট আৰু নিউৰ’ছাৰ্জন আছে৷ এপল’ হাস্পতালৰ নিউৰ’লজিষ্ট ডাঃ নীলাভ শৰ্মাই এই সন্দৰ্ভত কয় যে ষ্ট্ৰ’ক হৈছে এক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা য’ত তেজৰ যোগান ব্যাহত হোৱাৰ ফলত বা মগজুৰ ৰক্তনলী বিস্ফোৰিত হ’লে মগজুৰ ক্ষতি হয়৷ ষ্ট্ৰোক কেৱল তেতিয়াহে নিয়ন্ত্ৰণযোগ্য হয় যেতিয়া ৰোগীয়ে সময়মতে সঠিক চিকিৎসা লাভ কৰে৷ এপল’ হাস্পতাল গুৱাহাটীয়ে সন্তোষজনক ফলাফলৰ সৈতে ষ্ট্ৰ’ক ৰোগীসকলৰ সফল চিকিৎসা কৰি আহিছে৷ অধিক দ্ৰুত আৰু কাৰ্যকৰী ষ্ট্ৰ’ক ব্যৱস্থাপনা সেৱা প্ৰদান কৰাৰ বাবে এপল’ হাস্পতাল গুৱাহাটীয়ে নতুনকৈ এক সামগ্ৰিক ষ্ট্ৰ’ক ব্যৱস্থাপনা দলৰ গঠন কৰিছে৷ এই কম্প্ৰেহেন্সিভ ষ্ট্ৰ’ক মেনেজমেণ্ট দলৰ এটা মুখ্য উপাদান হৈছে নিউৰ’ইমাৰ্জেন্সি যি ৰোগীসকলক স্থিৰ কৰা আৰু স্নায়ৱিক বা নিউৰ’ছাৰ্জিকেল কেয়াৰৰ সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰত ষ্ট্ৰ’ক ৰোগী এজনক নিয়ন্ত্ৰণ কৰাৰ সময়ত অতি গুৰুত্বপূৰ্ণ৷ সকলোধৰণৰ স্নায়ৱিক ৰোগ আৰু নিউৰ’ট্ৰমাৰ চিকিৎসাৰ বাবে এক উন্নত ব্যৱস্থা সম্পন্ন চিকিৎসালয় হৈছে এপল’ হাস্পতাল গুৱাহাটী৷ কম্প্ৰেহেন্সিভ ষ্ট্ৰ’ক মেনেজমেণ্ট দলটোৱে নিশ্চিতভাৱে ষ্ট্ৰ’ক ব্যৱস্থাপনাত ২৪ ঘণ্টাই উন্নত মানৰ যত্ন প্ৰদান কৰিব আৰু ইয়াৰ দ্বাৰা গুৱাহাটী আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ লোকসকল যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here