গাৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰেসূৰ্যালোকত ভিটামিন-ডি শোষণ

0
226

ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰ’দৰ পোহৰ ৰশ্মি বা পোহৰ লগালে ভিটামিন-ডি প্ৰস্তুত হয়নে? উত্তৰত– মুঠেও নহয়৷ ওলোটাই সূৰ্যৰ ৰশ্মিয়ে ছালখনৰ ক্ষতিসাধন কৰি কেঞ্চাৰৰ দৰে ভয়াৱহ ৰোগৰ সৃষ্টি কৰিব পাৰে৷ শৰীৰত স্বাভাৱিক নিয়মেৰে ভিটামিন-ডি প্ৰস্তুত কৰিবলৈ সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন হয়৷ কিন্তু বেছি সময় ৰ্সূৰ ৰশ্মি লগালে ছালৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ বিশেষজ্ঞৰ মতে ভিটামিন-ডি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিবলৈ বিশেষভাৱে সহায় কৰে৷ তদুপৰি বিভিন্ন প্ৰ’টিন তথা উৎসেচক  প্ৰস্তুতৰ বাবে ভিটামিন-ডি অত্যন্ত আৱশ্যক৷ ভিটামিন-ডিৰ অভাৱত হাড় বা পেশীৰ ক্ষয়, চুলি সৰা, হঠাৎ মেজাজ গৰম হোৱা, ওজন বৃদ্ধি, শ্বাস কষ্ট আদি লক্ষণসমূহ দেখা দিয়ে৷ পুষ্টিবিদে কোৱা মতে দুপৰীয়া ১২ বজাৰ পৰা ৩ বজাপৰ্যন্ত কোনোসময় গাত ৰদ লগালে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন তৈয়াৰ হয়৷ এটা জানিব লগা কথা হ’ল কাৰ দেহত কিমান সূৰ্যালোক শোষিত হয়, সেইটো নিৰ্ভৰ কৰে ব্যক্তিগৰাকীৰ ছালখনৰ বৰণৰ ওপৰত৷ পুষ্টিবিদসকলে জানিবলৈ দিয়া মতে যিসকলৰ ছালৰ ৰং ক’লা, তেওঁলোকে সূৰ্যৰ ৰশ্মি দেহত আধা ঘণ্টাপৰ্যন্ত লগাব পাৰে৷ আনহাতে যিসকলৰ দেহৰ ৰং ফৰ্চা বা বগা, তেওঁলোকৰ ক্ষেত্ৰত ১৫ মিনিট সময় ৰ’দ লগালেই যথেষ্ট৷ ইয়াৰ উপৰি বগা বা কোমল পোছাক পৰিধান কৰি দেহত ৰ’দ লগালে ছালৰ ক্ষতি কমকৈ হয়৷ আনহাতে মুখ, হাতৰ উপৰি মেৰুদণ্ড লগতে পিঠি, ঘাৰ আদিত ৰ’দ লগালে বেছি কাৰ্যকৰী হয় বুলিও বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here