গাখীৰৰ বিশুদ্ধতাক লৈ প্ৰশ্ন ৰাজ্যৰ সৰ্বসাধাৰণৰ

0
255


সমগ্ৰ ৰাজ্যতে প্ৰতিবছৰে বৃদ্ধি পাইছে গাখীৰৰ চাহিদা৷ অধিকাংশ লোকৰে দৈনিক খাদ্যৰ তালিকাখনত গাখীৰ থাকে শীৰ্ষস্থানত৷ ইয়াৰে একাংশ লোকক গাখীৰ গো-পালক বা গাখীৰ ব্যৱসায়ীয়ে যোগান ধৰাৰ বিপৰীতে আন একাংশ লোকে ব্যাৱসায়িক প্ৰতিষ্ঠানত উপলব্ধ হোৱা গাখীৰৰ পেকেট ক্ৰয় কৰি নিয়ে৷ কিন্তু ৰাজ্যত বৃদ্ধি পোৱা গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই একাংশ ব্যৱসায়ী গাখীৰৰ ভেজালকৰণত নামি পৰিছে৷ ফলত পুষ্টিকৰ খাদ্যৰ তালিকাৰ শীৰ্ষস্থানত থকা গাখীৰৰ প্ৰকৃত পুষ্টি পোৱাৰ পৰা অধিকাংশ লোকেই বঞ্চিত হ’বলগীয়া হৈছে৷ বিশেষকৈ গাখীৰৰ উৎপাদন অনুপাতে চাহিদা অধিক বৃদ্ধি পোৱাত এতিয়া একাংশ অসাধু ব্যৱসায়ীয়ে এইদৰে অবৈধ উপায় অৱলম্বন কৰিছে৷ প্ৰতিবছৰে চাহিদা অনুসৰি হ্ৰাস পাই আছে গাখীৰৰ উৎপাদন৷ বিশেষকৈ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক গাখীৰ বিক্ৰী হয় গুৱাহাটীত৷ বিভিন্ন মিঠাই উদ্যোগৰ লগতে হোটেল, মিঠাইৰ দোকান, ৰেস্তোৰাঁ আৰু মহানগৰবাসীয়ে প্ৰতিদিনে ক্ৰয় কৰে গাখীৰ৷ মহানগৰত গাখীৰৰ এক লাভজনক ব্যৱসায় হয়৷ গাখীৰৰ চাহিদা বৃদ্ধি হৈ গৈ থকাৰ সুযোগত বিভিন্ন সময়ত ব্যৱসায়ী তথা গো-পালক সন্থাই গাখীৰৰ দামো বৃদ্ধি কৰি আহিছে৷ ইতিমধ্যে চাৰিবাৰকৈ মহানগৰত গাখীৰৰ দাম বৃদ্ধি কৰা হ’ল৷ কিন্তু গাখীৰৰ দাম বৃদ্ধি কৰাৰ বিপৰীতে গাখীৰৰ বিশুদ্ধতাক লৈ প্ৰশ্নৰ সৃষ্টি হৈ আহিছে৷ বিভিন্ন সময়ত মহানগৰত ভেজাল গাখীৰ ধৰা পৰিছে৷ কিন্তু তাৰ পাছতো খাদ্য সুৰক্ষা বিভাগ যিমান কঠোৰ হ’ব লাগিছিল হোৱা নাই৷ কেইটামান ঠাইত গাখীৰৰ নমুনা সংগ্ৰহ কৰাৰ পাছতেই ভেজাল গাখীৰ ব্যৱসায়ীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগ নৰম হৈ পৰা পৰিলক্ষিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here