গণৰাজ্য দিৱসত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব

0
709

ৰাজ্যত ক’ভিড পৰিস্থিতি প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে।অসমত ক’ভিডৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ পাছত চৰকাৰে ৰাইজক সকলো সময়তে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। এনে পৰিস্থিতিৰ মাজতে অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱস উদ্‌যাপন কৰা হ’ব৷ অসমত ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত নতুন ক’ভিড নিৰ্দেশনা জাৰি কৰিছে৷ এই নতুন নিৰ্দেশনা অনুসৰি গণৰাজ্য দিৱসৰ পেৰেডত কোনো স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব৷ কেৱল চৰকাৰী বাহিনীয়েহে পেৰেডত অংশগ্ৰহণ কৰিব পাৰিব৷ আনহাতে গণৰাজ্য দিৱসৰ অনুষ্ঠানত কোনো সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব৷ এইবাৰ সীমিত পৰিসৰত গণৰাজ্য দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গণৰাজ্য দিৱস উপলক্ষে এই নতুন নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে নতুন নিৰ্দেশনা প্ৰতিখন জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here