গজালি ওলোৱা আলু খোৱাটো উচিতনে? Is it proper to eat sprouted potato?

0
1006
ঘৰত বহুদিন আলু জমা হৈ থাকিলে তাৰ গাৰ পৰা গজালি ওলোৱা দেখা যায়৷ পাছত আলুটোৰ গোটেই গাটোতে গজালি ওলায়৷ আলু সকলোতে ব্যৱহাৰ্য একমাত্ৰ খাদ্যবস্তু৷ সেয়েহে কথা হ’ল এটা আলুৰ যেতিয়া গজালি ওলায়, সেইটো খোৱাৰ উপযোগী হয় নে নহয়৷ এই বিষয়ে কি কয় বিজ্ঞানে– জানো আহক৷

গৱেষকৰ মতে, গজালি ওলোৱাৰ পাছত সেই আলু খোৱাটো উচিত নহয়৷ একে কথা খাটে কিছুমান আলু যেতিয়া সেউজীয়া বৰণৰ হয়, তেনে আলুও খাব নালাগে৷

You Should Never Eat a Potato That Looks Like This, Says Science | Eat This Not That


এটা আলুৰ পৰা গজালি ওলোৱা মানে আলু বীজটোৰ পৰা এডাল পূৰ্ণাংগ আলু গছৰ সৃষ্টিৰ আৰম্ভণি হোৱা৷ অন্য পোক-পৰুৱা, জীৱাণু আদিয়ে যাতে আলু গজালি মেলোতে কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে আলু বীজটোৱে নিজেই ছোলানাইন নামৰ এবিধ বিষজাতক উপাদান তৈয়াৰ কৰে৷ এইবিধ উপাদান আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক৷ কিন্তু আলুৰ যেতিয়া গজালি নোলায়, তেতিয়া এইবিধ পদাৰ্থ উৎপন্ন নকৰে৷ সেয়ে খোৱাৰ উপযোগী হৈ থাকে৷ কিছুমানে আকৌ গজালিটো কাটি পেলাই আলু খোৱাও দেখা যায়৷ এনে কৰিলেও নিৰাপদ নহয়৷ কিয়নো ছোলানাইন নামৰ উপাদানবিধ গোটেই আলুৰ বীজটোতে সিঁচৰতি হৈ থাকে৷ এইবিধ উপাদান শৰীৰৰ ভিতৰলৈ গ’লে শৰীৰত বিষক্ৰিয়া ঘটাৰ সম্ভাৱনা থাকে৷ আপুনি যদি দীৰ্ঘদিন ধৰি গজালি ওলোৱা আলু খায়, তেন্তে পেটৰ বিভিন্ন সমস্যা, অন্ত্ৰৰ সমস্যা, মূৰৰ বিষ, স্নায়ুৰ সমস্যা আনকি মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷ ছোলানাইন নামৰ উপাদানটো খুব ঠাণ্ডা ঠাইতহে বেছি সময় বৰ্তি থাকে৷ সেয়েহে দেখা যায় যে গজালি ওলাবলৈ আলু সংৰক্ষণ কৰোঁতে ক’ল্ড ষ্টোৰেজ বা সেমেকা ঠাইত ৰখা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here