খৰাঙৰ কবলত ৰাজ্য কৃষকৰ হাহাকাৰ

0
215

ৰাজ্যত এতিয়া খৰাং পৰিৱেশে বিৰাজ কৰাত খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাজ্যত এতিয়া পানীৰ অভাৱত বহু কৃষকে সমূহীয়া কঠীয়াতলীত উৎপাদন কৰা কঠীয়া ৰুবই পৰা নাই৷ বতৰে পুনৰ বিধি-পথালি দিয়াৰ ফলত কঠীয়াতলীতেইৰোৱাৰ অনুপযোগী হৈ পৰিছে কঠীয়া৷ ইফালে এতিয়া কঠীয়া ৰুলেও সেই কঠীয়াৰ পৰা উপযুক্ত ফচল লাভ কৰাৰ পথ অস্পষ্ট হৈ পৰিছে৷ কাৰণ সমূহীয়া কঠীয়াতলীসমূহত উৎপাদন কৰা কঠীয়া ৰোৱাৰ সময় প্ৰায় পাৰ হৈছে৷ কঠীয়াতলীত সিঁচা কঠীয়া কেতিয়াবাই ৰোৱাৰ সময় হয় যদিও পথাৰত পানীৰ অভাৱত বহু কৃষকে এতিয়াও সেই কঠীয়া ৰুব পৰা নাই৷ জানিব পৰা মতে, আগষ্টৰ মাজভাগৰ পাছত সেই কঠীয়া ৰুলেও তাৰ পৰা উপযুক্ত ফচল লাভ কৰাৰ সম্ভাৱনা নাই৷ 
কিয়নো উপযুক্ত ফচল পাবলৈ হ’লে কঠীয়া ৰোৱাৰ দুই মাহৰ পৰা আঢ়ৈ মাহ পৰ্যন্ত সময়  পৰ্যাপ্ত উষ্ণতা ধান গছে পাব লাগে৷ কিন্তু এতিয়া আগষ্টৰ শেষ সময় আহি পালেই৷ আনহাতে বানাক্ৰান্ত কৃষকক কৃষি বিভাগে সময় অপচয় নকৰাকৈ সমূহীয়া কঠীয়াতলীসমূহৰ ব্যৱস্থা কৰিছিল৷ সমূহীয়া কঠীয়াতলীসমূহত সময় মতে কঠীয়াও উৎপাদন কৰা হয়৷ চৰকাৰে আশা কৰিছিল এই সমূহীয়া কঠীয়াতলীয়ে কৃষকসকলক উপকৃত কৰিব৷ কিন্তু এতিয়া পানীৰ অভাৱত বহু কৃষকে কঠীয়া ৰুবই পৰা নাই৷ বিশেষকৈ নামনি অসমত এই প্ৰভাৱ বেছিকৈ পৰিছে৷ নামনি অসম আৰু মধ্য অসমৰ জিলাসমূহ বানে ক্ষতিগ্ৰস্ত কৰাৰ পাছত সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰা হৈছিল যদিও এতিয়া  খৰাংসদৃশ পৰিস্থিতিৰ বাবে কৃষকসকল আন এক সমস্যাৰ সন্মুখীন হৈছে৷ জলসিঞ্চনৰ ব্যৱস্থা থকা পথাৰৰ বাহিৰে আন পথাৰসমূহত কৃষকে কঠীয়া ৰুবই পৰা নাই৷ যাৰ ফলত এইবাৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি ছন পৰি ৰোৱাৰ& সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here