‘খেতি’ নামৰ ভাৰতীয় ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ আন্তঃৰাষ্ট্ৰীয় কেটেগৰীত বঁটা

0
629

বিশ্বৰ পাঁচটা ষ্টাৰ্টআপে প্ৰিন্স উইলিয়ামৰ ‘আৰ্থশ্বট্‌ প্ৰাইজ’ লাভ কৰিছে আৰু তাৰ ভিতৰত ভাৰতৰ এটা প্ৰতিষ্ঠানো আছে৷ এই বঁটাৰ লক্ষ্য হ’ল পৃথিৱীখনক ৰক্ষা কৰাৰ উদ্দেশ্যে কাম কৰা প্ৰকল্পসমূহক পুৰস্কৃত কৰা৷ বিজয়ীসকলে ১ মিলিয়ন পাউণ্ডকৈ [প্ৰায় ১১ কোটি টকা] লাভ কৰে৷ কম মাটি থকা কৃষকসকলৰ বাবে ‘গ্ৰীনহাউছ-ইন-এ-বক্স’ৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে ‘খেতি’ নামৰ ভাৰতীয় ষ্টাৰ্টআপ প্ৰতিষ্ঠানটোৱে ‘প্ৰটেক্ট এণ্ড ৰিষ্টৰ নেচাৰ’ কেটেগৰীত বঁটা লাভ কৰে৷ তেওঁলোকৰ উদ্ভাৱনে পানী আৰু ৰাসায়নিক সাৰ ৰাহি কৰিব আৰু উৎপাদনো বৃদ্ধি কৰিব৷ প্ৰিন্স উইলিয়ামে বষ্টনত এটা অনুষ্ঠানত বঁটাপ্ৰাপকসকলক বঁটাসমূহ প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here